নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ধুমুহাত পথৰ মাজত উভালি পৰিল প্ৰকাণ্ড গছ, ব্যাহত বকো-ছমৰীয়া সংযোগী পথ

 

নিয়মীয়া বাৰ্তা;১৫ মাৰ্চ::-ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বকোত ও বুধবাৰে নিশা প্ৰচণ্ড শিলাবৃষ্টিৰ লগতে ধুমুহা বৰষুণ হয়।নিশা অহা ধুমুহাৰ ফলত বকো ছমৰীয়া সংযোগী পথৰ ৰায়পাৰাত প্ৰকাণ্ড গছ এডাল পথত উভালি পৰে।ফলত পথটোৰ যাতায়ত ব্যাহত হোৱাৰ লগে লগে এম্বুলেন্স ৰ লগতে বহু যান বাহন আবদ্ধ হৈ পৰিছে।ইতিমধ্যে ঘটনাস্থলিত উপস্থিত বকো বন বিভাগৰ লোক।

প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like