নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ লাখ তিব্বতী শিশুক পৰিয়ালৰ পৰা কাঢ়িছে চীনে

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: কমিউনিষ্ট চীন হৈ পৰিছে স্বৈৰাচাৰৰ সমার্থক৷ হংকঙৰ পৰা আৰম্ভ কৰি তিব্বত পর্যন্ত কমিউনিষ্ট শাসকসকলৰ নির্দেশত অকথ্য নিপীড়ন আৰু মানৱ অধিকাৰ লংঘনৰ অজস্র উদাহৰণ আছে৷ এইবাৰ ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত উল্লেখ কৰা হৈছে যে কমপক্ষেও ১০ লাখ তিব্বতী শিশুক পৰিয়ালৰ ওচৰৰ পৰা কাঢ়ি নিছে বেইজিং প্রশাসনে৷ শেহতীয়াকৈ তিব্বতত চীনা দমন নীতিক লৈ এক প্রতিবেদন দাখিল কৰিছে ৰাষ্ট্রসংঘৰ তিনিগৰাকী বিশেষজ্ঞই৷ ফার্নাণ্ডো ডে ভাৰেন্নেছ, ফৰিদা চাহিব আৰু আলেকজান্দ্রা জানথাকিৰ যৌথ বিবৃতিত উল্লেখ কৰা হৈছে যে কমপক্ষেও ১০ লাখ তিব্বতী শিশুক পৰিয়ালৰ পৰা কাঢ়ি লৈছে চীনে৷ ৰাষ্ট্রসংঘৰ এই বিশেষজ্ঞ তিনিগৰাকীৰ মতে বিগত কেইবছৰমানৰ ভিতৰত উদ্বেগজনকভাৱে তিব্বতী শিশুক বলপূর্বক পৰিয়ালৰ পৰা কাঢ়ি লোৱাৰ ঘটনা বৃদ্ধি পাইছে৷ তিব্বতী এই শিশুসকলক বাধ্যতামূলকভাৱে আৱাসিক স্কুলত ৰাখি দেশখনৰ সংস্কৃতি জাপি দিয়াৰ চেষ্টা চলাই আহিছে চীনে৷ এয়া আন্তর্জাতিক মানৱ অধিকাৰ নিয়মৰ পৰিপন্থী বুলিও তিনিওগৰাকী বিশেষজ্ঞই বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মজিয়াত ঘোষণা কৰিছে৷ ইফালে, এই অভিযোগৰ তীব্র বিৰোধ কৰিছে বেইজিং প্রশাসনে৷ চীনৰ মতে এই সমস্ত অভিযোগ মিছা আৰু উদ্দেশ্যপ্রণোদিত৷

You might also like