নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত চীনৰ নির্মাণকার্যক লৈ উদ্বিগ্ন মার্কিন সেনা

নিয়মীয়া বাৰ্তা, ১০ জুনঃ লাডাখত চীনৰ আগ্রাসী কাম–কাজক লৈ এইবাৰ উদ্বেগ প্রকাশ কৰিছে মার্কিন সেনাৰ এগৰাকী শীর্ষ বিষয়াই৷ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দায়িত্বত থকা মার্কিন কমাণ্ডিং জেনেৰেল চালর্ছ এ ফ্লিনে শেহতীয়াকৈ উল্লেখ কৰিছে যে চীনে লাডাখত উদ্বেগজনকভাৱে পৰিগাঁথনিগত কাম–কাজ বৃদ্ধি কৰিছে৷ চীনৰ এই পদক্ষেপৰ মোকাবিলা কৰাৰ বাবে ভাৰত–আমেৰিকাই জোঁটবন্ধন কৰিব লাগিব বুলিও উল্লেখ কৰে ফ্লিনে৷ চলিত বছৰৰ এপ্রিল মাহৰ পৰা পাংগং হ্রদ অঞ্চলত চীনৰ তৎপৰতা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ উপগ্রহ চিত্রত ধৰা পৰিছে চীনে এপ্রিল মাহত পাংগঙৰ সমীপত দলং নির্মাণ কৰাৰ তথ্য৷

লক্ষণীয়ভাৱে মে’ মাহতো চীনে এখন বৃহৎ সেতু নির্মাণ কৰিছে স্পর্শকাতৰ অঞ্চলত৷ পাংগং হ্রদৰ চৌদিশে নিজৰ যাতায়াত অধিক সুবিধাজনক কৰিবলৈ এটাৰ পিছত এটাকৈ নির্মাণকার্য চলাই গৈছে চীনা সেনাই৷ সেই প্রসংগতে ফ্লিনে উল্লেখ কৰে যে চীনৰ এনে নির্মাণকার্যই উদ্বেগ বৃদ্ধি কৰিছে৷ চীনা সেনাই এনে অবাধ নির্মাণকার্য চলাই থকাৰ উদ্দেশ্য কি বুলিও প্রশ্ণৰ অৱতাৰণা কৰে মার্কিন সেনা বিষয়াগৰাকীয়ে৷ চীনৰ এনে প্রৰোচিতমূলক কামৰ ফলত সমগ্র অঞ্চলটোৰ ভাৰসাম্য নষ্ট হৈ পৰিব বুলি আশংকা কৰি ফ্লিনে ভাৰতক অন্যান্য শক্তিৰ সৈতে জোঁটবন্ধন কৰি ইয়াৰ মোকাবিলা কৰাৰ আহ্বান জনাইছে৷

You might also like