নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ ৰেডিঅ’ত ইউক্রেইনী ৰাষ্ট্রীয় সংগীত

নিয়মীয়া বাৰ্তা, ১০ জুনঃ পূব ইউক্রেইনত ৰাছিয়াই আক্রমণ তীব্রতৰ কৰি তোলা সময়তে কালি হঠাতে ইউক্রেইনী হেকাৰে হেক কৰে ৰাছিয়াৰ এটা জনপ্রিয় ৰেডিঅ’ ষ্টেচন৷ হঠাতে এই ৰেডিঅ’ ষ্টেচনৰ পৰা বাজিবলৈ ধৰিলে ইউক্রেইনৰ ৰাষ্ট্রীয় সংগীত তথা যুদ্ধবিৰোধী গান৷ ঘটনাক লৈ লগে লগে ৰাছিয়াজুৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ ৰাছিয়াৰ জনপ্রিয় ৰেডিঅ’ হৈছে ‘কোমেৰছাণ্ট এফএমঅ’৷ কালি দুপৰীয়া ৰেডিঅ’যোগে সংবাদ সম্প্রচাৰৰ সময়ত হঠাতে সংবাদৰ পৰিৱর্তে বাজিবলৈ আৰম্ভ কৰে ইউক্রেইনৰ ৰাষ্ট্রীয় সংগীত৷ এফএমৰ প্রধান সম্পাদক আলেক্সেই ভৰোবিয়ভে সংবাদ সংস্থা তাছবক জনোৱা অনুসৰি, কালি ইউক্রেইনী হেকাৰে ৰেডিঅ’ৰ অনলাইন ষ্ট্রীম হেক কৰিছিল৷

You might also like