নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তন : দুর্ঘোৰ সংকটত ব্রহ্মপুত্র অৱবাহিকা

🔹 দুই আন্তর্জাতিক সংস্থাৰ গৱেষণালব্ধ প্রতিবেদনত ভয়ংকৰ আগজাননী

বিশেষ বাৰ্তা, ১৯ মে’ : সমগ্র পৃথিৱী গ্রহৰ বাবে সম্প্রতি ভাবুকিৰ কাৰক হৈ পৰিছে জলবায়ু পৰিৱর্তন৷ অতি শেহতীয়াকৈ দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱ পৰিলক্ষিত হৈছে৷ বৃষ্টিপাত সাংঘাতিক ধৰণে হ্রাস পোৱাৰ বিপৰীতে অনুভূত হৈছে তীব্র গ্রীষ্মপ্রৱাহ৷ ইয়াৰ মাজতে ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্রেটেড মাউণ্টেইন ডেভেলপমেণ্ট (আইচিআইএমঅ’ডি) আৰু অষ্ট্রেলিয়ান ৱাটাৰ পার্টনাৰশ্বিপ (এডব্লিউপি) নামৰ জলবায়ু সংক্রান্তীয় দুটা আন্তর্জাতিক সংস্থাই অলপতে প্রকাশ কৰা এক গৱেষণালব্ধ প্রতিবেদনত ব্রহ্মপুত্র অৱবাহিকা সন্দর্ভত এক ভয়ংকৰ আগজাননী দিছে৷ ‘এলিভিটিং ৰিভাৰ বেচিন গভার্নেঞ্চ এণ্ড কো–অপাৰেচন ইন হিন্দ–কুছ–হিমালয়ান ৰিজন’ শীর্ষক এই প্রতিবেদনখনত কোৱা হৈছে যে জলবায়ু পৰিৱর্তনে দুর্ঘোৰ সংকট নমাই আনিব ব্রহ্মপুত্র অৱবাহিকালৈ৷ অকল সেয়াই নহয়, ব্রহ্মপুত্র অৱবাহিকাত বসবাস কৰা লাখ লাখ গৰিব আৰু খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মানুহক অস্তিত্বহীন কৰি তুলিব পাৰে৷ প্রতিবেদনখনৰ তথ্য অনুসৰি ব্রহ্মপুত্রৰ উৎপত্তিস্থল হিমালয়ত দ্রুত হাৰত হিমবাহ গলি থকাৰ সমান্তৰালকৈ অভাৱনীয় হাৰত গ্লেচিয়াৰ লেক (হিমবাহ গলি পানীৰ পৰা সৃষ্টি হোৱা হ্রদ)ৰ সংখ্যা বৃদ্ধি পাই আছে৷ ইয়াৰ সমান্তৰালকৈ ব্যাপক হাৰত বাঢ়িছে পূর্বৰ হ্রদসমূহৰ আয়তনো৷ যাৰ বিৰূপ প্রভাৱ ১.৯৩ লাখ বর্গকিলোমিটাৰজোৰা ব্রহ্মপুত্র অৱবাহিকাত পৰাটো অৱশ্যম্ভাৱী হৈ পৰিছে৷ মূলতঃ পানীৰ সংকটত ব্রহ্মপুত্র উপত্যকাৰ দৰিদ্র আৰু খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লাখ লাখ লোকৰ জীৱন বিপন্ন হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে প্রতিবেদনখনত৷ লগতে কোৱা হৈছে যে সমগ্র অঞ্চলটোৰ আর্থ–সামাজিক গাঁথনি এদিন ভাগি পৰিব৷ মন কৰিবলগীয়া যে প্রতিবেদনখন ব্রহ্মপুত্র, সিন্ধু আৰু গংগা এই তিনিটা খণ্ডত বিভক্ত কৰা হৈছে৷ ব্রহ্মপুত্র অৱবাহিকাত অন্তর্ভুক্ত হৈছে য়াৰলুং ছাংপো, ব্রহ্মপুত্র, চিয়াং আৰু যমুনা নৈ৷ লক্ষণীয়ভাৱে প্রতিবেদনখনৰ পাতে পাতে আছে বিপর্যয়ৰ আগজাননী৷ ১৯৮৪ চনৰ পৰা কৃত্রিম উপগ্রহযোগে লব্ধ মানচিত্র বিশ্লেষণ কৰি দেখা গৈছে যে ২০১৬–১৭ চনলৈকে সমগ্র হিমালয়ত এক লাখ বর্গকিলোমিটাৰতকৈ বৃহৎ মাটিকালিৰ বিশিষ্ট এলেকাত ২,৪৩১টা গ্লেচিয়াৰ লেক সৃষ্টি হৈছে৷ ইয়াৰে ৬৭৬টা হ্রদৰ এলেকা বৃদ্ধি পাই আছে ক্রমাৎ৷ ক্রমবর্ধমান ৰূপত এলেকা বৃদ্ধি পোৱা এই হ্রদসমূহৰ ভিতৰত ভাৰতত বিৰূপ প্রভাৱ পেলাব পৰা হ্রদ ১৩০টা চিনাক্ত কৰা হৈছে৷ ইয়াৰে ব্রহ্মপুত্র অৱবাহিকাত আছে ৫৮টা৷ অলপতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ তৰফৰ পৰাও এই কথা প্রকাশ কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– এলেকা বৃদ্ধি পোৱা হ্রদসমূহৰ ভিতৰত সৰহসংখ্যকৰ এলেকা দুগুণপর্যন্ত বৃদ্ধি পাইছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে হিমবাহ গলি সৃষ্টি হোৱা হ্রদত পানীৰ পৰিমাণ বৃদ্ধি পাই থাকিলে বানৰ প্রকোপ অত্যন্ত বঢ়াৰ সম্ভাৱনা প্রকট৷ লগতে পানীৰ পৰিমাণ হ্রাস পোৱা মাত্রেই সৃষ্টি হ’ব পাৰে খৰাংসদৃশ পৰিস্থিতিৰো৷ ইয়াৰ বাবে জলবায়ু পৰিৱর্তনকেই দায়ী কৰা হৈছে৷ তদুপৰি জলবায়ু পৰিৱর্তনে কেতিয়াবা অতিবৃষ্টিপাত আৰু কেতিয়াবা উৎকট গৰমৰো উদ্ভৱ ঘটাব সমগ্র ব্রহ্মপুত্র অৱবাহিকাত৷ বাস্তৱত ইয়াৰ প্রভাৱ ইতিমধ্যে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চল তথা পূব ভাৰতত দেখা পোৱা গৈছে৷ যোৱা এপ্রিল মাহতে কোনো কোনো ঠাইৰ তাপমাত্রাই ৪০ ডিগ্রী চেলচিয়াছ অতিক্রম কৰিছে৷ এনে প্রৱণতা অনাগত দিনত আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে বিজ্ঞানীসকলে৷ জলবায়ু পৰিৱর্তনৰ উপৰি বৃহৎ নদীবান্ধ তথা উন্নয়নৰ নামত চলি থকা নির্মাণকার্যই ব্রহ্মপুত্র অৱবাহিকাৰ নামনি অঞ্চলত বানপানীৰ প্রকোপ বৃদ্ধি কৰাৰ সময়তে তীব্র গৰম তথা খৰাংসদৃশ পৰিৱেশ সৃষ্টি কৰাৰো বিজ্ঞানীসকলে আগজাননী দিছে৷ ইফালে, যোৱা বছৰ ইছৰ’ৰ ‘নেচনেল ৰিম’ট চেঞ্জিং চেণ্টাৰ’ৰ সহযোগিতাত কেন্দ্রীয় জল আয়োগে এক প্রতিবেদন প্রকাশ কৰিছে৷ সেই প্রতিবেদনতো সমগ্র ব্রহ্মপুত্র অৱবাহিকা এদিন নিশ্চিহ্ণ হৈ যাব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে৷ ব্রহ্মপুত্র অৱবাহিকাত বিগত ছয় দশকত বছৰি বাৰিষাকালতো পানী ৫,৬০০ কোটি কিউবিক মিটাৰলৈ হ্রাস পোৱা বুলি প্রতিবেদনত প্রকাশ৷ সেইদৰে যোৱা ২৫ বছৰত কেৱল ব্রহ্মপুত্র উপত্যকাত জলসম্ভাৰ হ্রাস পাইছে ৯৯৬ কোটি কিউবিক মিটাৰ৷ বাস্তৱত বিগত এক দশকত দেশ–বিদেশৰ বিভিন্ন চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানে প্রকাশ কৰা প্রতিবেদনসমূহত ব্রহ্মপুত্র অৱবাহিকাৰ অস্তিত্বক লৈ ব্যাপক আশংকা ব্যক্ত কৰা পৰিলক্ষিত হৈ আহিছে৷ এই প্রসংগত ‘অসম জলবায়ু পৰিৱর্তন কার্য পৰিকল্পনা’ৰ শেহতীয়া এক প্রতিবেদনৰো অৱতাৰণা কৰিব পাৰি৷ এই প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি অনাগত বছৰসমূহত অসমত খৰাংসদৃশ পৰিস্থিতি ৭৫ শতাংশ বৃদ্ধি পাব৷ লগতে এয়াও মূল্যায়ন কৰা হৈছে যে অসমত বানপানীৰ হাৰো প্রায় ২৫ শতাংশ বাঢ়িব পাৰে৷ এনে অৱস্থাত জলবায়ু পৰিৱর্তনে সমগ্র ব্রহ্মপুত্র অৱবাহিকালৈ গভীৰ অশনি সংকেত নমাই আনিছে বুলি ক’ব পাৰি৷

You might also like