নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তি প্রদর্শনৰ বাবে পৰমাণু বোমাৰ পৰীক্ষা চলাব উত্তৰ কোৰিয়াই

নিয়মীয়া বাৰ্তা,২০ মে’: প্রথমটো এছিয়া ভ্রমণসূচী লৈ বৃহস্পতিবাৰে দক্ষিণ কোৰিয়া আৰু জাপান অভিমুখে যাত্রা কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে৷ বাইডেনৰ এই এছিয়া ভ্রমণ চলি থকাৰ সময়তে উত্তৰ কোৰিয়াই পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটাব পাৰে বুলি আশংকা কৰিছে মার্কিন চোৰাংচোৱা সংস্থাই৷

উল্লেখনীয় যে প্রথম এই এছিয়া ভ্রমণসূচীত দুয়োখন বন্ধু দেশৰ প্রতিনিধিসকলৰ সৈতে বিভিন্ন বিষয়ক লৈ আলোচনা চলাব জ’ বাইডেনে৷ এনে পৰিস্থিতিত শক্তি প্রদর্শন কৰিবলৈ উত্তৰ কোৰিয়াই পৰমাণু বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটাব পাৰে বুলি সন্দেহ কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই৷ এই সন্দর্ভত কালি মার্কিন নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে উল্লেখ কৰে যে উত্তৰ কোৰিয়াই শক্তি প্রদর্শনৰ বাবে পৰমাণু অস্ত্রৰ বিস্ফোৰণ ঘটালেও এছিয়াত বন্ধু ৰাষ্ট্রবোৰৰ সৈতে নিৰাপত্তা অক্ষত ৰখাৰ স্বার্থত বাইডেন প্রশাসনে সদায় কাম কৰি যাব৷

সমৰ বিশেষজ্ঞসকলৰ মতে, এই মুহূর্তত ইউক্রেইন যুদ্ধৰ মাজতেই এছিয়াত উচটনিমূলক পদক্ষেপ গ্রহণ কৰিব পাৰে উত্তৰ কোৰিয়াই৷ ইতিমধ্যে ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ মাজতে কেইবাটাও ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাইছে উত্তৰ কোৰিয়াই৷

You might also like