নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ তেলেংগানাৰ বিজেপি সভাপতি বন্দিসঞ্জয় কুমাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জোতা হাতেৰে কঢ়িওৱা ঘটনাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ছেকেন্দ্রাবাদৰ উজ্জয়িনী মহাকালী মন্দিৰৰ পৰা অমিত শ্বাহ ওলাই অহাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি কুমাৰে হাতত জোতাযোৰ লৈ আগবাঢ়ি যোৱা ভিডি’ ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ পিছতে সৃষ্টি হয় তীব্র বিতর্ক৷ কালি সন্ধিয়াৰ এই দৃশ্য৷ ইফালে, গৃহমন্ত্রী শ্বাহৰ ভৰিৰ জোতা এনেদৰে বিজেপি নেতাগৰাকীয়ে হাতেৰে কঢ়িওৱা ঘটনাক লৈ বিৰোধী দলসমূহে বিজেপিক তীব্র কটাক্ষ কৰিছে৷