নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ বৃত্তিক লৈ কর্মচাৰীৰে সংঘাত; পুনৰ বিক্ষোভত উত্তাল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ পুনৰ অশান্ত হৈছে দিল্লীৰ সন্মানীয় উচ্চ শিক্ষা প্রতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)৷ অৱশ্যে এইবাৰ দুই ছাত্র সংগঠনৰ মাজত প্রতিবাদ বা সংঘর্ষৰ সৃষ্টি হোৱা নাই জে এন ইউত৷ বিশ্ববিদ্যালয়ৰ কর্মচাৰী একাংশৰ সৈতে ছাত্রৰ এটা দলৰ সংঘর্ষৰ সূত্রপাত ঘটিছে৷ আজি উভয় পক্ষৰ এই সংঘর্ষত কেইবাজনো আহত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ শিক্ষার্থীসকলৰ একাংশই অভিযোগ কৰা অনুসৰি বৃত্তি (স্কলাৰশ্বিপ)ৰ প্রাপ্য ধন বিচাৰি যোৱাৰ বাবে একাংশ কর্মচাৰীয়ে দুর্ব্যৱহাৰ কৰাৰ পিছতে পৰিস্থিতি উত্তাল হৈ পৰে৷

You might also like