নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ বাঘমৰা গাঁৱত সমবায় সমিতিৰ চাউলৰ চোৰাং ঘাটি উৎখাত আৰক্ষীৰ

আৰক্ষীৰ জালত ৩ টাকৈ  চোৰাং মাফিয়া

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ  দৰিদ্ৰ জনতাৰ তেজ শুহি খাই নোদোকা হৈ ক্ৰমাৎ নিজৰ চাউলৰ চোৰাং কাৰবাৰ অন্যান্য ৰাজ্যলৈও সম্প্ৰসাৰিত কৰা নাহৰকটীয়াৰ আজি তিনিটাকৈ কুখ্যাত চোৰাং চাউল মাফিয়া তথা সমবায় এজেন্ট আৰক্ষীৰ জালত পৰে । নাহৰকটীয়া বিধান সভা সমষ্টিৰ জয়পুৰ থানাৰ অন্তৰ্গত বাঘমৰা গাঁৱত সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ পৰা দুষ্কাৰ্য চলাই থকা এই চোৰাং চাউল বেপাৰী কেইটা হ’ল ক্ৰমে অমৃত শ্বাহ, সুনীল শ্বাহ আৰু সুমিত শ্বাহ। উল্লেখযোগ্য যে এই সমবায় সমিতিৰ সুলভ মূল্যৰ দোকান খনৰ পৰা দীৰ্ঘ বছৰ ধৰি দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আবন্টন হোৱা বিনামূলীয়া চাউল চক্ৰান্তৰে গ্ৰাহকৰ পৰা চান কাঢ়ি দোকান খনৰ লগতে থকা গুদামত চিলাই মেছিনৰ জড়িয়তে সেউজীয়া ৰঙৰ বেগত ৰিপেকেজিং কৰি ধৃত চাউল মাফিয়া কেইটাই ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানৰ লগতে অৰুণাচল প্ৰদেশলৈও প্ৰেৰণ কৰি আহিছিল ।
মনকৰিবলগীয়া যে এই চক্ৰ টোৱে আজি পুৱায়ো এইদৰে অৰুণাচল প্ৰদেশলৈ চাউলৰ চোৰাং কাৰবাৰ কৰিবলৈ সাজু হোৱাৰ এক গোপন খবৰ লাভ কৰি নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই গুদামটোত উপস্থিত হৈ অৰুণাচললৈ প্ৰেৰণ কৰিবলৈ সাজু হোৱা অৱস্থাত এখন চাউল ভৰ্তি এ এছ ০৬ বি চি ৫৯১৫ নম্বৰৰ বলেৰ পিক আপ গাড়ী জব্দ কৰাৰ লগতে গাড়ীখনত থকা মুঠ ৫৫ বস্তা চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাদেও গুদাম টোৰ আন দুটা কোঠাৰ পৰাও আৰক্ষীয়ে সৰ্বমুঠ ৯৩ বস্তা চাউল উদ্ধাৰ কৰাৰ লগতে এই চাউলৰ বস্তা সমূহ ৰি পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা শতাধিক খালি সেউজীয়া বস্তা উদ্ধাৰ কৰে।
লক্ষণীয় যে নিয়ম অনুসৰি সমবায় সমিতিৰ গুদামৰ কাষত কোনোধৰণৰ চাউলৰ মিল থাকিব নালাগে যদিও এই কুখ্যাত চাউল বেপাৰী কেইটাই যোগান বিভাগৰ সকলো নিয়ম জলাঞ্জলি দি বিগত প্ৰায় ১০ বছৰ ধৰি একেটা গৃহতে এটা ধান খুন্দা  মিল প্ৰতিষ্ঠা কৰি ইয়াৰ পৰাই  চাউলৰ চোৰাং কাৰবাৰ। মনকৰিবলগীয়া যে একমাত্ৰ চাউলৰ ব্যৱসায় কৰিয়েই এক অজান শক্তিৰ বিনিময়ত বৰ্তমান লাখপতি হৈ পৰা এই পৰিয়ালটোৱে বৰ্তমান দুখন কৈ বিলাসী গাড়ীৰ মালিক হৈ পৰাৰ লগতে তেওঁলোকে নাহৰকটীয়া অঞ্চলত কেইবাখনো দোকানৰো গৰাকী বুলি জানিব পৰা গৈছে। 
লক্ষণীয় যে ধৃত চোৰাং চাউল চুৰ কেইটাই ইতিমধ্যে আৰক্ষীৰ আগত সমবায় চাউলৰ ৰিপেকেজিঙৰ কথা অকপটে স্বীকাৰ কৰাৰ লগতে এই বিনামূলীয়া চাউল সমূহ তেওঁলোকে অৰুণাচল প্ৰদেশৰ দেউমালিৰ গগণ চেংলন নামৰ এজন ব্যৱসায়িক প্ৰতিমাহে ১৮ টকা দৰত বিক্ৰী কৰি অহাৰ স্বীকাৰুক্তি দিয়াৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলটো ২৫ টকা দৰত ইয়াক চোৰাং ভাৱে বিক্ৰী কৰাৰ নিৰ্লজ্জ শিকাৰুক্তি দিছে।  
You might also like