নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতীর্থ মন্ত্রীৰ কামৰ খতিয়ান ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে

নিউজডেস্ক, ২২ ডিচেম্বৰঃ দেশৰ ভিন্ন প্রান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শনিবাৰে কেন্দ্রীয় চৰকাৰক বিভিন্ন মন্ত্রালয়ৰ যোৱা ছমাহৰ কাম–কাজৰ খতিয়ান লয়৷

চৰকাৰী সূত্রই জানিবলৈ দিয়া অনুসৰি, প্রধানমন্ত্রীৰ এই বৈঠকত কেন্দ্রীয় চৰকাৰৰ আটাইকেইটা মন্ত্রালয়ৰ মন্ত্রীসকল উপস্থিত আছিল৷

বিজেপিয়ে দ্বিতীয়টো কার্যকাল আৰম্ভ কৰাৰে পৰা যোৱা ছমাহত মন্ত্রালয়সমূহে কৰা কামৰ খতিয়ান প্রধানমন্ত্রীৰ সন্মুখত দাঙি ধৰে কেন্দ্রীয় মন্ত্রীসকলে৷

জানিব পৰা অনুসৰি, প্রধানমন্ত্রীৰ এই বৈঠকত কৃষি, গ্রাম্য উন্নয়ন আৰু সামাজিক খণ্ডই গুৰুত্ব লাভ কৰে৷ সাধাৰণতে কেন্দ্রীয় মন্ত্রী পৰিষদে কেবিনেট বৈঠকৰ পিছত প্রতিমাহতে মিলিত হয় যদিও শনিবাৰে এই বৈঠক স্বতন্ত্রভাৱে অনুষ্ঠিত হয়৷

You might also like