নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ন্যাসিনীৰ ৱেশত ভাৰতত চীনা গুপ্তচৰ

নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : ছদ্মৱেশত ভাৰতত লুকাই আছিল চীনা গুপ্তচৰ৷ দিল্লী আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে তিব্বতৰ শৰণার্থীসকলৰ মাজত বাস কৰিছিল এগৰাকী চীনা মহিলাই৷ তিনি বছৰ ধৰি সন্ন্যাসিনীৰ বেশ ধৰি কাম কৰি আছিল চীনা মহিলাগৰাকীয়ে৷ যোৱা সোমবাৰে দিল্লী আৰক্ষীয়ে এই মহিলাগৰাকীক আটক কৰে৷ তদন্ত আৰম্ভ কৰাৰ লগে লগে মহিলাগৰাকীৰ পৰা ভুৱা পৰিচয়–পত্র তথা বিভিন্ন নথি উদ্ধাৰ কৰে আৰক্ষীয়ে৷ এই ৰহস্যময়ী নাৰীৰ নাম কাই ৰুয়ো৷

You might also like