নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰৰ বক্ষত উৰিল ত্ৰিৰংগা ! ক’ত উৰিল এই পতাকা ?

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি ৭১ সংখ্যক গণৰাজ্য দিৱস । দেশবাসীয়ে উলহ-মালহেৰে গণৰাজ্য দিৱস পালন কৰাৰ সময়তে সাগৰৰ বক্ষতো দেখা পোৱা গ’ল জাতীয় পতাকা ।

গুজৰাটৰ পোৰবন্দৰৰ সাঁতোৰবিদ সকলে স্থানীয় ৰাইজৰ সহযোগত সাগৰৰ বক্ষত উত্তোলন কৰে জাতীয় পতাকা । শ্ৰীৰাম চি চিমিং ক্লাৱৰ সভাপতি হৰছিদ ৰুগহানিয়ে জনোৱা অনুসৰি বিগত ২০ বছৰ ধৰি তেওঁলোকে পালন কৰি আহিছে গণৰাজ্য দিৱসৰ লগতে স্বাধীনতা দিৱস । এই দুয়োটা দিনতেই তেওঁলোকে সাগৰৰ বক্ষত এইদৰে পতাকা উত্তোলন কৰে বুলি উল্লেখ কৰে ।

স্থানীয় এগৰাকী মহিলা উৰ্বশীয়ে জনোৱা অনুসৰি ২৬ জানুৱাৰী পালন কৰাৰ বাবে মানুহে কেৱল মাটিতেই গোট খায় । কিন্তু আমি মাটিৰ পৰিৱৰ্তে প্ৰতি বছৰে সাগৰৰ মাজত পতাকা উত্তোলন কৰি পালন কৰি আহিছো গণৰাজ্য দিৱস ।

You might also like