নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰদা কাণ্ডঃ ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ শুনানি স্থগিত

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ সাৰদা কাণ্ডৰ সৈতে নাম সাঙুৰ খাই পৰা কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ আবেদন স্থগিত কৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ পৰা জনোৱা অনুসৰি ২৯ নৱেম্বৰ পৰ্যন্ত বাতিল কৰা হৈছে এই শুনানি ।

সাৰদাকাণ্ডৰে জড়িত ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ আবেদনৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিবিআই । কলকাতা উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা ৰাজীৱ কুমাৰক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলিও আদালতে জানিবলৈ দিছিল । ৰাজীৱ কুমাৰক জেৰা কৰাৰ পূৰ্বে ৪৮ ঘণ্টাৰ আগতেই জাননী প্ৰেৰণ কৰিব লাগিব বুলিও আদালতে জনোৱাৰ পাচতেই কলকাতা উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিবি আই ।

ৰাজীৱ কুমাৰক চিবিআইয়ে নিজৰ জিম্মাত ল’বলৈ দীৰ্ঘদিন পৰা চেষ্টা চলাই থকাৰ পাচতো আদালতৰ ৰায়ে যেন বিমুখ কৰিছে চিবিআইক । শেহতীয়াভাৱে সোমবাৰেও চিবিআইয়ে দাখিল কৰা আবেদনৰ ভিত্তিত হোৱা শুনানি অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে ।

You might also like