নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুলভ মূল্যৰ দোকানত পাব মাছ-মাংস-কণীঃ এপ্ৰিলৰ পৰা উপলব্ধ

  • পাৰ্থৱ শইকীয়া

সুলভ মূল্যৰ দোকান বুলিলেই আপোনাৰ মনলৈ আহে চাউল, দাইল আৰু চেনী যোগান ধৰা চৰকাৰী দোকানসমূহ । দেশৰ অসংখ্য দৰিদ্ৰ লোকৰ বাবে একমাত্ৰ সুলভ মূল্যত নিত্যব্যৱহাৰ্য সামগ্ৰী উপলব্ধ এই সমূহ বিপনীত অচিৰেই হয়তো উপলব্ধ হ’ব পাৰে মাছ-মাংস আৰু কণী । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগে চৰকাৰলৈ প্ৰেৰণ কৰিছে এই প্ৰস্তাৱ ।

সততে দৰিদ্ৰ লোকসকলৰ ক্ষেত্ৰত খাদ্যত প্ৰটিনৰ অভাৱৰ ফলত দেখা যায় বহু ৰোগ । সমীক্ষা অনুসৰি , প্ৰতি ১০ টি শিশুৰ ভিতৰত ৪ টি শিশুৱে পৰ্যাপ্ত প্ৰটিনৰ অভাৱত ভুগিব লগা হৈছে ভাৰতবৰ্ষত । তাৰোপৰি সহজলভ্য হৈ পৰা জ্যাংক ফুড গ্ৰহণৰ প্ৰৱণতাই বৃদ্ধি কৰিছে ৰোগৰ পৰিমাণ । তেনে পৰিপ্ৰেক্ষিতত দৰিদ্ৰ শিশু আৰু পৰিয়ালে প্ৰয়োজনীয় প্ৰ’টিন লাভ কৰাৰ বাবে সুলভ মূল্যৰ দোকানত চৰকাৰে অচিৰেই উপলব্ধ কৰিব মাছ, মাংস আৰু কণী ।

অৱশ্যে সুলভ মূল্যৰ দোকানত উপলব্ধ হ’ব লগা মাছ, মাংস আৰু কণীৰ বাবে বৃদ্ধি পাব অতিৰিক্ত চৰকাৰী খৰচ । সুলভ মূল্যৰ দোকানত চাউল, দাউল, চেনী, তেল আদি একাধিক নিত্য ব্যৱহাৰ্য সামগ্ৰী বিক্ৰীৰ বাবে চৰকাৰৰ অতিৰিক্ত ১.৮৪ লাখ কোটি টকা খৰচ হয় । পৰৱৰ্তী পৰ্যায়ত চৰকাৰে মাছ,মাংস আৰু কণী যোগান ধৰিলে এই অতিৰিক্ত খৰচৰ চাপ অধিক বৃদ্ধি পাব । এই অতিৰিক্ত খৰচ বৃদ্ধি পালেও নতুন পৰিকল্পনা প্ৰস্তুত ইতিমধ্যে আৰম্ভ কৰিছে নীতি আয়োগে । আগন্তুক বৰ্ষৰ পৰাই যাতে সমগ্ৰ দেশৰ সুলভ মূল্যৰ দোকানত প্ৰটিনযুক্ত খাদ্য মাছ,মাংস আৰু কণী উপলব্ধ হয় তাৰ বাবে ব্যৱস্থা গঢ়ি তুলিছে ।

২০২০ বৰ্ষত মাছ,মাংস আৰু কণী উপলব্ধ কৰাৰ এই প্ৰস্তাৱ গৃহীত হ’লেই অহা বৰ্ষৰ এপ্ৰিল মাহৰ পৰাই সমগ্ৰ দেশৰ সুলভ মূল্যৰ দোকানত উপলব্ধ হ’ব মাছ, মাংস আৰু কণী । এই ক্ষেত্ৰত নীতি আয়োগৰ সদস্য ৰমেশ চান্দে কয় যে, ‘ফাষ্ট ফুড অথবা জ্যাংক ফুড গ্ৰহণৰ ফলত সমগ্ৰ দেশত শিশুৰ ৰোগৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু এই খাদ্য গ্ৰহণৰ ফলত পূৰণ হোৱা নাই শৰীৰত প্ৰয়োজনীয় প্ৰ’টিন । দেশত বৃদ্ধি পোৱা এনে প্ৰৱণতা ৰোধৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে । ‘

You might also like