নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ সৈতে গুলীয়াগুলিত ৩ টাকৈ সন্ত্ৰাসবাদীৰ নিহত; বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ জম্মু-কাশ্মীৰত আজি পুৱাৰ ভাগত সেনাৰ সৈতে হোৱা গুলীয়াগুলিত ৩ টাকৈ সন্ত্ৰাসবাদীৰ নিহত হয় । নগৰোটা অঞ্চলত হোৱা এই এনকাউণ্টাৰত সন্ত্ৰাসবাদী কেইটাৰ পৰা নাইট ভাৰচন টেলিস্কোপৰ লগতে লেন্স আৰু বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰা হয় ।

উল্লেখ্য যে সেনাই এই অভিযানত আমেৰিকান এম-৪ কাৰ্বাইন ৰাইফলো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইপিনে এই এম-৪ কাৰ্বাইন ৰাইফলক স্নাইপাৰসকলে ব্যৱহাৰ কৰে ।

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবগ সিঙে প্ৰকাশ কৰা মতে নিহত সন্ত্ৰাসবাদীকেইটা জইছ-ঈ মহম্মদৰ সদস্য আছিল ।

/p>

You might also like