স্বচ্ছ প্ৰাৰ্থীৰ বিপৰীতে কিয় অপৰাধীক টিকট দিয়া হয় ৰাজনৈতিক দল সমূহে ৰাজহুৱা কৰিব লাগিবঃ উচ্চতম ন্যায়ালয়
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ ৰাজনৈতিক ক্ষেত্ৰ অপৰাধীৰ পৰা মুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ৰাজনৈতিক দলসমূহে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হৈছে যে নিৰ্বাচনী ক্ষেত্ৰত অৱৰ্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ অপৰাধৰ তথ্য ৰাজহুৱা কৰিব লাগিব। লগতে ন্যায়লয়ে নিৰ্দেশৰ মতে প্ৰাৰ্থী সকলৰ অপৰাধীৰ তথ্য সমূহ ৰাজনৈতিক দলৰ ৱেবচাইটত আপলোড কৰিব লাগিব। আনহাতে যদি এই নিৰ্দেশ সমূহ পালন কৰা নহয় তেতিয়া ন্যায়ালয়ৰ অৱমাননা গণ্য কৰা হ’ব আৰু লগতে ইয়াৰ বিচাৰ কৰা হ’ব।
মুখ্য ন্যায়াধীশ আৰএফ নৰীমন আৰু এছ ৰবিন্দ্ৰ ভট ৰ দ্বাৰা গঠিত ন্যায়পীঠে দিয়া ৰায়দানত এই বুলিও উল্লেখ আছে যে ৰাজনৈতিক দল সমূহে স্পষ্ট কৰিব লাগিব যে স্বচ্ছ প্ৰাৰ্থীৰ বিপৰীতে এজন অপৰাধীক কিয় টিকট দিয়া হয়।
বিজেপি নেতা আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অশ্বিনী উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কে এক আৱেদন দাখিল কৰিছিল। সেই শুনানিতেই উপৰোক্ত নিৰ্দেশ সমূহ সৰ্বোচ্চ আদালতে ৰাজনৈতিক দল সমূহক নিৰ্দেশ প্ৰদান কৰিছে।