নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলিকপ্ঢাৰ দুর্ঘটনাত ইউক্রেইনৰ গৃহমন্ত্রীসহ ১৮ নিহত

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: আজি ইউক্রেইনৰ ৰাজধানী কিয়েভত এক ভয়াৱহ হেলিকপ্ঢাৰ দুর্ঘটনা সংঘটিত হৈছে৷ দেশখনৰ ৰাজধানী কিয়েভৰ সমীপত কিণ্ডাৰগার্টেনৰ কর্মচাৰী–শিশুৰ আৱাসিক অট্টালিকাত দুর্ঘটনাত পতিত হোৱা হেলিকপ্ঢাৰখনত আৰোহী হিচাপে আছিল ইউক্রেইনৰ গৃহমন্ত্রী, উপ–গৃহমন্ত্রীকে ধৰি কেইবাজনো শীর্ষ বিষয়া৷ হেলিকপ্ঢাৰখনত গৃহ মন্ত্রণালয়ৰ ৬ বিষয়াসহ তিনি হেলিকপ্ঢাৰৰ কর্মচাৰীৰ সৈতে কিয়েভৰ সমীপৱর্তী ব্র’ভাৰিৰ কিণ্ডাৰগার্টেনৰ আৱাসিক অট্টালিকাত দুর্ঘটনাত পতিত হোৱাত গৃহমন্ত্রীসহ ১৮জন লোকৰ প্রাণহানি হৈছে৷ হেলিকপ্ঢাৰখনত আৰোহী হিচাপে থকা গৃহমন্ত্রী ডেনিছ ম’নাছট্রিস্কিৰ লগতে উপ–গৃহমন্ত্রী, গৃহ সচিবসহ মন্ত্রণালয়ৰ বিষয়া থিতাতে নিহত হয়৷ হেলিকপ্ঢাৰখনৰ তিনি কর্মচাৰীও এই দুর্ঘটনাত নিহত হয়৷ আৱাসিক অট্টালিকাত হেলিকপ্ঢাৰখন দুর্ঘটনাত পতিত হোৱাত অট্টালিকাত থকা তিনি শিশুসহ কেইবাগৰাকীও লোক নিহত হয়৷

You might also like