নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ৰ অৰণ্যত দুষ্প্রাপ্য কমলা ৰঙৰ বাদুলি উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: ছত্তিশগড়ৰ কাংগাৰ ভেলী ৰাষ্ট্রীয় উদ্যানত শেহতীয়াকৈ উদ্ধাৰ হৈছে কমলা ৰঙৰ এক দুষ্প্রাপ্য বাদুলি৷ এই বাদুলিটো উদ্ধাৰ হোৱাৰ লগে লগে প্রকৃতিপ্রেমীৰ কৌতূহল বৃদ্ধি পাইছে৷ সাধাৰণতে ‘পেইণ্টেড বেট’ বা ৰং কৰা বাদুলি বুলি পৰিচিত এই বাদুলিবিধ৷ বিগত তিনি বছৰৰ ভিতৰত দুর্গম অৰণ্যত মাত্র তিনিবাৰ দেখিবলৈ পোৱা গৈছে এই কমলা ৰঙৰ বাদুলি৷ লক্ষণীয়ভাৱে দুষ্প্রাপ্য প্রজাতিৰ এই বাদুলিবিধৰ অস্তিত্বলৈ সংকট নামি অহা বুলি পূর্বৰে পৰা প্রকৃতিপ্রেমীসকলে মন্তব্য কৰি আহিছে৷ এই বাদুলিবিধৰ বৈজ্ঞানিক নাম হৈছে ‘কেৰিভূলা পিক্টা’৷ সাধাৰণতে ম্যানমাৰ, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, নেপাল, ভিয়েটনাম আদি দেশৰ অৰণ্যত এই বাদুলিবিধ পোৱা যায়৷

You might also like