নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কোটি টকাৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ !

নিয়মীয়া বাৰ্তা, ২৬জুলাই: খৰচ কৰিব লাগিব ১০০ কোটি টকা৷ তেতিয়াহ’লে ৰাজ্যসভাৰ নির্বাচনত টিকট তথা বিজয় নিশ্চিত৷ আনকি টকাৰ বিনিময়ত লাভ কৰিব ৰাজ্যপালৰ পদবীও৷ বিগত কেইমাহমান ধৰি দেশজুৰি সক্রিয় এক প্রৱঞ্চক চক্রই এনেদেৰে প্রতিশ্রুতি দি ধন সৰকোৱাৰ জাল পেলোৱা বুলি জানিব পাৰিছে চি বি আয়ে৷ এই ঘটনাত জড়িত চাৰি অভিযুক্তক ইতিমধ্যে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে গ্রেপ্তাৰ কৰিছে৷ চি বি আইৰ তৰফৰ পৰা ৰুজু কৰা হৈছে এক গোচৰ৷

স্মর্তব্য যে যোৱা ১০ জুনত দেশৰ ১৫ ৰাজ্যৰ ৫৭খন ৰাজ্যসভাৰ আসনৰ নির্বাচন হোৱাৰ কথা আছিল৷ তাৰ পূর্বেই এই চক্রটো সক্রিয় হৈ উঠাৰ তথ্য লাভ কৰিছিল চি বি আয়ে৷ অভিযোগৰ ভিত্তিত টেলিফোনৰ ওপৰত নজৰদাৰী আৰম্ভ কৰে চি বি আইৰ বিষয়াই আৰু এনেদৰে প্রতাৰক চক্র এটা সক্রিয় হৈ থকাৰ তথ্য লাভ কৰে সংস্থাটোৱে৷ চি বি আইৰ তৰফৰ পৰা দাখিল কৰা এজাহাৰত এই কথা উল্লেখ কৰা হৈছে৷

চি বি আইৰ হাতত গ্রেপ্তাৰ হোৱা চাৰি অভিযুক্ত হৈছে মহাৰাষ্ট্রৰ কৰমলকৰ প্রেমকুমাৰ, কর্ণাটকৰ ৰবীন্দ্র বিত্থল নায়ক, দিল্লীৰ মহেন্দ্র আৰোৰা আৰু অসমৰ অভিষেক বৰা৷ ইয়াৰ উপৰি এই চাৰি প্রতাৰকৰ সহযোগী হিচাপে থকা মহম্মদ আজিজ খান নামৰ এক ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে এজাহাৰত৷ প্রসংগক্রমে উল্লেখ কৰা প্রয়োজন যে মহাৰাষ্ট্রৰ এগৰাকী বিজেপি বিধায়কক মন্ত্রিত্বৰ প্রতিশ্রুতি দি ১০০ কোটি টকা দাবী কৰা ৰিয়াজ শ্বেখ নামৰ এজন লোকক যোৱা সপ্তাহত গ্রেপ্তাৰ কৰা হৈছিল৷

You might also like