নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ মাৰ্চত কিয় ঢাকা ভ্ৰমণ বাতিল কৰিলে মোডীয়ে ?

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ । আগন্তুক ১৭ মাৰ্চত বাংলাদেশ ভ্ৰমণলৈ যোৱাৰ কথা আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ক’ৰোনা ভাইৰাছৰ বাবে বাংলাদেশ যাত্ৰা বাতিল কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

আগন্তুক ১৭ মাৰ্চত শেখ মুজিবৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনাইছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই । অনুষ্ঠানত অংশগ্ৰহণৰ পাচতেই দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল বিশেষ বৈঠক । নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছিল ।

ইফালে, ক’ৰোনা ভাইৰাছ বিশ্বৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰাৰ পাচতেই ‘মুজিব বৰ্ষ’ অনুষ্ঠান সমিতিৰ অধ্যক্ষ কামাল আব্দুল চৌধুৰী অনুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে, ক’ৰোনা ভাইৰাছৰ বাবে সাধাৰণ লোকৰ স্বাস্থ্যৰ প্ৰসংগ আগত ৰাখি প্ৰস্তাৱিত এই অনুষ্ঠানটো স্থগিত কৰা হৈছে । অৱশ্যে গোটেই বছৰজুৰি শেখ মুজিবৰ ৰহমানৰ জন্ম শতবৰ্ষ উদযাপনৰ লগত সংগতি কৰি অনুষ্ঠিত কৰা হ’ব বিভিন্ন কাৰ্যসূচী ।

উল্লেখ্য যে, বাংলাদেশত বৰ্তমানলৈকে তিনিজন লোকৰ দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছ । আক্ৰান্ত দুজন লোকৰ ইটালী ভ্ৰমণ কৰি দেশলৈ উভতি অহাৰ পাচতেই আক্ৰান্ত হয় ক’ৰোনাত । আক্ৰান্ত তিনিগৰাকীৰ দুজন পুৰুষ আৰু এগৰাকী মহিলা বুলি জানিব পৰা গৈছে ।

You might also like