নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে দেশত সৃষ্টি হোৱা অর্থনৈতিক সংকটৰ বাবে কেন্দ্রীয় চৰকাৰে সাময়িকভাৱে কর্মচাৰীৰ বর্ধিত মৰগীয়া বানচ বাতিল কৰিছে ৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ পৰিপ্রেক্ষিতত ভাৰত এতিয়া ব্যাপক আর্থিক লোকচানৰ সন্মুখীন হৈছে ৷ সেইবাবে ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ১ জুলাইলৈকে দেশৰ চৰকাৰী কর্মচাৰীসকলে বর্ধিত মৰগীয়া বানচ লাভ নকৰে বুলি কেন্দ্রীয় বিত্ত মন্ত্রালয়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে ৷ লগতে এই সময়ছোৱাত বন্ধ থাকিব পেন্সনাৰসকলৰ বর্ধিত ভাট্টাও ৷ যদিহে কেন্দ্রৰ লগতে ৰাজ্য চৰকাৰসমূহেও এই সিদ্ধান্ত অনুসৰণ কৰে, তেন্তে কেন্দ্র আৰু ৰাজ্যৰ ৰাজকোষত সামগ্রিকভাৱে ১.২০ লাখ কোটি টকা জমা হ’ব ৷ এই ধনৰাশি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত দেশৰ সহায়ক হ’ব বুলি কেন্দ্রীয় চৰকাৰে জানিবলৈ দিয়ে ৷ বৃহস্পতিবাৰে কেন্দ্রই এক বিজ্ঞপ্তিযোগে জনায়– চৰকাৰে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ আৰু পেন্সনাৰসকলৰ বর্ধিত মৰগীয়া ভাট্টা ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ১ জুলাইলৈকে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷ ২০২১ চনৰ জুলাইলৈকে মৰগীয়া বানচ আৰু মৰগীয়া ভাট্টা পূর্বৰ হাৰত লাভ কৰিব৷ এই সময়ছোৱাত কোনো বকেয়া ধনো দিয়া নহ’ব ৷ উল্লেখ্য যে যোৱা মাহত কেন্দ্রীয় চৰকাৰে কর্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ সেই অনুসৰি ১৭ শতাংশৰ ঠাইত ২১ শতাংশ মৰগীয়া বানচ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীক দিয়াৰ কথা আছিল ৷ বৃহস্পতিবাৰে বিত্ত মন্ত্রালয়ে লোৱা এই সিদ্ধান্তৰ ফলত বর্ধিত বানচৰ পৰা বঞ্চিত হ’ব দেশৰ প্রায় ৪৮ লাখ ৩৪ হাজাৰ চৰকাৰী কর্মচাৰী আৰু প্রায় ৬৫ লাখ ২৬ হাজাৰ পেন্সনভোগী ৷ কেন্দ্রৰ এই ঘোষণাৰ পিছত গৱর্নমেণ্ট এমপ্লয়িজ নেচনেল কনফেডাৰেচনৰ নেতৃত্বই জনাইছে যে ক’ৰোনা ভাইৰাছ সংকটৰ সময়ত চৰকাৰৰ এই সিদ্ধান্তত তেওঁলোকৰ কোনো আপত্তি নাই৷ সংগঠনৰ নেতা প্রবীণ কুমাৰ সিংহই কয়– এই পৰিস্থিতিত কোনো প্রশ্ণ কৰাৰ যুক্তি নাই৷ ২০২১ চনৰ জুলাইত মৰগীয়া বানচ যেতিয়া ঘোষণা হ’ব, বকেয়া আৰু ভাট্টা সেইমতে দিবলৈ চৰকাৰক অনুৰোধ জনোৱা হ’ব ৷