নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে বিজেপিৰ হাতলৈ আহিব অন্যতম শক্তিশালী হাতিয়াৰ৷ এই হাতিয়াৰ হৈছে ‘ৰাম মন্দিৰ’৷ লোকসভা নির্বাচনৰ ৩–৪ মাহ পূর্বেই মুকলি হ’ব বহু প্রতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰ৷ আজি এই কথা ঘোষণা কৰিছে ৰাম জন্মভূমি তীর্থ ক্ষেত্র ন্যাসে৷ অর্থাৎ লোকসভা নির্বাচনৰ পূর্বে পুনৰ ৰাম ৰাজনীতিৰ সুৱর্ণ সুযোগ লাভ কৰিব গেৰুৱা শিবিৰে৷ দীপাৱলী উপলক্ষে দেওবাৰে অযোধ্যালৈ গৈছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ অযোধ্যাৰ পৰা মোদী ঘূৰি অহাৰ পিছত আজি প্রথমবাৰৰ বাবে সংবাদ মাধ্যমক ৰাম জন্মভূমি চৌহদত প্রৱেশৰ অনুমতি দিয়া হয়৷ ইয়াতেই ৰাম জন্মভূমি তীর্থ ক্ষেত্র ন্যাসৰ অধ্যক্ষ সম্পত ৰায়ে মন্দিৰৰ ৫০ শতাংশ কাম সম্পূর্ণ হোৱা বুলি ঘোষণা কৰাৰ লগতে ২০২৪ৰ জানুৱাৰীত মন্দিৰ মুকলি হ’ব বুলিও স্পষ্ট কৰি দিয়ে৷