নিয়মীয়াবার্তা, ২৭আগষ্ট: নিয়ম উলংঘন কৰি নয়দাৰ ছেক্টৰ ৯৩–এ নির্মাণ কৰা নয়দা ছুপাৰটেক টুইন টাৱাৰ অহা ২৮ আগষ্টত বিস্ফোৰকেৰে উৰুৱাই দিয়া হ’ব৷ এই টুইন টাৱাৰটো ধ্বংস কৰিবলৈ প্রায় ৩,৭০০ কিলোগ্রাম বিস্ফোৰক ব্যৱহাৰ কৰা হ’ব৷ সমগ্র টুইন টাৱাৰটো ধ্বংস প্রক্রিয়াত মুঠ ২০ কোটি ব্যয় হ’ব৷
তথ্য মতে, এই ব্যয়ৰ ৫ কোটি টকা ছুপাৰটেকে বহন কৰাৰ বিপৰীতে বাকী ১৫ কোটি টকা টুইন টাৱাৰৰ ধ্বংসাৱশেষৰ পৰা আদায় কৰা হ’ব৷ ৪,০০০ টন তীখাসহ প্রায় ৫৫ হাজাৰটন ধ্বংসাৱশেষ জমা হ’ব৷ এই ধ্বংসাৱশেষ বিক্রী কৰি ১৫ কোটি টকা টুইন টাৱাৰ উৰুৱাই দিয়া দক্ষিণ আফ্রিকাৰ দলটোক আদায় দিয়া হ’ব৷ টুইন টাৱাৰ উৰুওৱা প্রক্রিয়াত ১০০জন কর্মী ব্যৱহাৰ কৰা হ’ব আৰু ২৮ আগষ্টৰ বিয়লি ২.৩০ বজাত বিস্ফোৰণৰ বাবে অন্তিমটো বুটাম ভাৰতীয় ব্লাষ্টাৰ চেতন দত্তই টিপিব৷ ৯ ছেকেণ্ডৰ ভিতৰতেই বিশাল টুইন টাৱাৰ ধ্বংসাৱশেষত পৰিণত হ’ব৷
উল্লেখ্য যে এপেক্স আৰু ছেয়ান নামৰ এই টুইন টাৱাৰটোৰ উচ্চতা ক্রমে ১০৩ মিটাৰ আৰু ৯৭ মিটাৰ৷ টুইন টাৱাৰ দুটা প্রায় ৭.৫ লাখ বর্গমিটাৰ আছে৷ ৯১৫টা ফ্লেট থকা টুইন টাৱাৰৰ পৰা কোম্পানীটোৱে প্রায় ১,২০০ কোটি টকা উপার্জন কৰিছে৷