নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৯ শতাংশ অংশীদাৰিত্বৰে বিনিয়োগ কৰিব ২,৪৫০ কোটি টকা

য়েছ বেংকক উদ্ধাৰ কৰিবলৈ এছবিআইৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ৮মার্চঃ দেশৰ শ্বেয়াৰ বজাৰ পুনৰ অভাৱনীয় পতন হোৱাত য়েছ বেংকৰ শ্বেয়াৰ বজাৰ ৫৬ শতাংশ নিম্নগামী হৈ ভয়ানক লোকচানৰ সন্মুখীন হৈছিল৷ বেংকটোক এই মন্দাৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে ষ্টেট বেংক অৱ ইণ্ডিয়া ৷ বেংকটোৰ অধ্যক্ষ ৰাজনীশ কুমাৰে মুম্বাইত এখন সংবাদ মেলত ঘোষণা কৰে যে এছ বি আইৰ ব’র্ডে য়েছ বেংকটোৰ ৪৯ শতাংশ অংশীদাৰিত্ব ক্রয় কৰাৰ সিদ্ধান্ত লৈছে৷ এই প্রক্রিয়াত য়েছ বেংকত এছ বি আয়ে ২,৪৫০ কোটি টকা বিনিয়োগ কৰিব৷ এই পৰিকল্পনাৰ বাবে এছ বি আয়ে আইনী কামসমূহ কৰি আছে ৷ উল্লেখ্য যে এই বিপর্যয়ৰ বাবে ৰিজার্ভ বেংকে এমাহলৈকে য়েছ বেংকৰ হিতাধিকাৰীয়ে এমাহত ৫০ হাজাৰ টকালৈহে ধন উলিয়াব পাৰিব বুলি ঘোষণা কৰে৷ ইফালে, এছ বি আইৰ এই সিদ্ধান্তক লৈ সমালোচনা কৰিছে কংগ্রেছ নেতা পি চিদাম্বৰমে৷ তেওঁ কয় যে এছ বি আইৰ অধ্যক্ষই য়েছ বেংকত বিনিয়োগ কৰাৰ সিদ্ধান্ত স্বেচ্ছাই লোৱা নাই৷ বেংকটোক এই কার্য কৰিবৰ বাবে বাধ্য কৰোৱা হৈছে৷

You might also like