নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ দিনত ১০৫ শতাংশ বৃদ্ধি ক’ৰোনা আক্ৰান্তৰ সংখ্যা 

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ যোৱা পাঁচটা দিনত ক’ৰোনা আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ১০৫ শতাংশলৈ । এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । ভাৰতত ক’ৰোনা ভাইৰাছত সংক্ৰমণৰ ঘটনা প্ৰথম পোহৰলৈ আহিছিল যোৱা ৩০ জানুৱাৰীত । সেই দিনাৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈকে ৩০ দিনত আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ তিনিটা । আনহাতে, ২৯ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ ১০ দিনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল ৬০ জনলৈ । ১০ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ ইয়াৰ সংখ্যা বৃদ্ধি পালে ১৯৬ টালৈ । ২৫ মাৰ্চলৈকে দেশত ক’ৰোনা আক্ৰান্ত সংখ্যা আছিল ২৫৮ জন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত ২১ দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছত সংক্ৰমণৰ সংখ্যা দেশজুৰি ক্ৰমাত হ্ৰাস পাব বুলি আশা কৰিছিল যদিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই হাৰ ১০৫ শতাংশলৈ বৃদ্ধি পোৱা বুলি তথ্য প্ৰকাশ পোৱাত দেশত সামাজিক সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে । যোৱা ২৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ ভাৰতত ক’ভিড-১৯ সংক্ৰমণৰ সংখ্যা ১,০২৪ ৰ পৰা ২,০৬৯ বৃদ্ধি পালে । মাত্ৰ পাঁচ দিনত ইয়াৰ বৃদ্ধিৰ পৰিমাণ দুগুণতকৈও অধিক ।

You might also like