নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া–ইউক্রেইনৰ মাজত শান্তি ঘূৰাই অনাৰ পদক্ষেপ ল’ব ৰাষ্ট্রসংঘই

পুটিন–জেলেনস্কিক সাক্ষাৎ কৰিব গুটেৰেছে

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধখনে দুমাহত ভৰি দিয়াৰ প্রাক্ক্ষণত ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনী গুটেৰেছে দুই দেশৰ মাজত শান্তি স্থাপনৰ পদক্ষেপ গ্রহণ কৰাৰ বাবে আগবাঢ়িছে৷ ইউক্রেইনৰ ওপৰত ৰাছিয়াই যোৱা ২৪ ফেব্রুৱাৰীত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা ৰাষ্ট্রসংঘই ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনক ইউক্রেইনৰ পৰা সেনা প্রত্যাহাৰৰ দাবী জনাই আহিছে৷ শান্তিৰ স্বার্থত ৰাষ্ট্রসংঘই বিভিন্ন পদক্ষেপ ল’লেও ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে সকলো আওকাণ কৰিছে৷ এনে পৰিপ্রেক্ষিততে ইউক্রেইনৰ বিধ্বস্ত আৰু ৰক্তাক্ত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শান্তিৰ বাবে হেঁচা প্রয়োগ কৰাৰ লক্ষ্যৰে ৰুছ ৰাষ্ট্রপতি পুটিনক সাক্ষাৎ কৰিব ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়ে৷

ৰুছ ৰাষ্ট্রপতিক চলিত সপ্তাহতে সাক্ষাৎ কৰি যুদ্ধ বন্ধৰ আহ্বান জনোৱাৰ পিছত অহা ২৮ এপ্রিলত ইউক্রেইনলৈ যাব গুটেৰেছ৷ ইউক্রেইনত উপস্থিত হৈ ৰাষ্ট্রপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিব সচিবপ্রধানগৰাকীয়ে৷ জৰুৰীকালীনভাৱে এসপ্তাহৰ ভিতৰতে ৰুছ আৰু ইউক্রেইনৰ ৰাষ্ট্রপতিক পৃথক পৃথকে সাক্ষাৎ কৰি শান্তিৰ বাবে আহ্বান জনাব৷ ৰাছিয়াৰ ৰাষ্ট্রপতি কার্যালয়ৰ মুখপাত্র ডিমিত্রি পেছক’ভে প্রকাশ কৰা মতে, ২৬ এপ্রিলত ৰাষ্ট্রপতি পুটিনক সাক্ষাৎ কৰিব গুটেৰেছে৷ ৰাছিয়াৰ বৈদেশিক মন্ত্রীৰ সৈতে মিলিত হোৱাৰ পিছত সচিবপ্রধানগৰাকীয়্ পুটিনৰ সৈতে বৈঠকত মিলিত হ’ব৷ পৰৱর্তী ২৮ এপ্রিলত ইউক্রেইনলৈ গৈ ৰাষ্ট্রপতি জেলেনস্কিক সাক্ষাৎ কৰিব সচিবপ্রধানগৰাকীয়ে৷ যুদ্ধৰ দুমাহ পূর্ণ হ’বলৈ কিছু ক্ষণ বাকী থকা সময়ত ৰাষ্ট্রসংঘৰ সচিবপ্রধানে শান্তিক লৈ গ্রহণ কৰা অভিযান তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ উল্লেখ্য যে গুটেৰেছে মস্কো আৰু কিয়েভলৈ যুদ্ধ বিৰতিৰ বাবে প্রতিনিধি দল প্রেৰণ কৰিছিল৷

You might also like