নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্প্রচাৰকাৰী চেনেলৰ ওপৰত ক্ষুব্ধ ৰোহিত শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ : আইপিএলৰ সম্প্রচাৰকাৰী চেনেলৰ ওপৰত ক্ষুব্ধ ৰোহিত শর্মা৷ আজি এটি পোষ্টত তেওঁ ষ্টাৰ স্প’ৰ্টছৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্রকাশ কৰিছে৷ ৰোহিতৰ দাবী– বাৰন কৰা সত্ত্বেও তেওঁৰ কথাবতৰা ৰেকর্ড কৰা হৈছে আৰু সেয়া টিভি চেনেলত প্রচাৰ কৰা হৈছে৷ গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰিছে তেওঁ৷ আজি দুপৰীয়া ৰোহিতে এক্স হেণ্ডেলত লিখিছে– ক্রিকেটাৰসকলৰ জীৱনত এতিয়া ইমান অনুপ্রৱেশকাৰী প্রৱেশ কৰিছে যে কেমেৰাই তেওঁলোকৰ জীৱনৰ প্রতিটো পদক্ষেপ আৰু কথা বতৰা ৰেকর্ড কৰিবলৈ লৈছে৷ বন্ধু–বান্ধব আৰু সতীর্থসকলৰ সৈতে অনুশীলনত বা মেচৰ দিনা গোপনে যিবোৰ কথা বতৰা হয়, সেইবোৰ সম্প্রচাৰিত হৈছে৷ ষ্টাৰ স্প’ৰ্টছক মই অনুৰোধ কৰিছিলোঁ, কথা বতৰা ৰেকর্ড নকৰিবলৈ৷ তৎসত্ত্বেও তেওঁলোকে সেয়া কৰিছে আৰু টিভিত সম্প্রচাৰ কৰি গোপনীয়তা ভংগ কৰিছে৷ আনতকৈ সুকীয়া বিষয় দেখুওৱা আৰু সামাজিক মাধ্যমত দর্শক আৰু এনগেজমেণ্টৰ প্রতি নিচা ইমানেই বাঢ়িছে যে এদিন এনে কার্যই সমর্থক, ক্রিকেটাৰ আৰু ক্রিকেটৰ মাজত থকা বিশ্বাস ভাঙি পেলাব৷ মই আশা কৰিছোঁ– তেওঁলোকৰ দ্রুত শুভবুদ্ধিৰ উদয় হ’ব৷ উল্লেখ্য যে ইডেন গার্ডেনত অনুশীলনৰ সময়ত সহকাৰী প্রশিক্ষকৰ সৈতে হোৱা ৰোহিতৰ কথা-বতৰা ৰেকর্ড কৰি সম্প্রচাৰ কৰা হৈছে৷

You might also like