নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ জ্ঞান বিকাশ বিদ্যাপীঠত বৰ্ধিত সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ৰূপহীহাটৰ অগ্ৰণী জ্ঞান বিকাশ বিদ্যাপীঠত আজি এক বৰ্ধিত সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। অইনবাৰৰ দৰে এইবাৰো চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ উৎসাহিত কৰিবলৈ আজিৰ সভাখনত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে ২০২৪ চনৰ মেট্ৰিক পৰীক্ষাত ৯৬.৫% নম্বৰ লাভ কৰা ছাদিয়া আহমেদক ৫০০০০ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। ছাত্ৰীগৰাকীক এই উপহাৰ বিধায়ক হুদাই নিজ হাতেৰে তুলি দিয়ে। নিজৰ ভাষণত বিধায়কজনে কয় যে আগন্তুক দিনত যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে তেন্তে সেই শিক্ষাৰ্থীক সোণৰ মুকুট উপহাৰ দিব বুলি প্ৰকাশ কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like