নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত মাছ আৰু মাছ… জীয়া মাছ ধৰিছে অসংখ্যজনে, পিছে ক’ত ?

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ৰাষ্ট্ৰীয় ঘাইপথত মাছ ধৰাত ব্যস্ত হৈ পৰিছে একাংশ লোক । মাছ, মাছ আৰু মাছ … পৰিৱেশটো স্বচক্ষে প্ৰত্যক্ষ নকৰিলে আপুনিও হয়তো অনুভৱ কৰিব নোৱাৰিব প্ৰকৃততে ৰাজপথত কিয় এনেকৈ মাছ আহিল , ক’ৰ পৰা আহিল ?

আগ্ৰা আৰু লক্ষ্ণৌৰ মাজৰ এক্সপ্ৰেছৱেত এইদৰেই বুধবাৰে মানুহক মাছ ধৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গ’ল । জীয়া মাছে ছটফটাই থকা দেখি ৰ’ব পৰা নাই কোনোৱে । ৰাষ্টাৰে পাৰ হৈ যোৱা সকলো লোকে যেনেকৈ পাৰে তেনেকৈয়ে ধৰিছে মাছ ।

প্ৰকৃততে ঘটনাটো আছিল এটা পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাৰ ফলত কেইবাটাও মাছ কঢ়িয়াই নিয়া এখন গাড়ী ৰাষ্টাৰ মাজত বাগৰি পৰাৰ পাচতেই এইদৰে ছেদেলি-ভেদেলি হৈ পৰে মাছবোৰ । সমগ্ৰ অঞ্চলটো এইদৰে মাছ ধৰাক লৈ ব্যস্ত হৈ পৰাত এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আশংকা কৰিছে প্ৰশাসনে । কিয়নো মাছ ধৰাত ব্যস্ত থাকোতেই কথমপি বহু লোক ৰক্ষা পৰিছে দুৰ্ঘটনাৰ পৰা ।

বিহাৰৰ এখন ফাৰ্মৰ পৰা বহু টন মাছ কঢ়িয়াই নিছিল এখন বাহনে । ফিৰোজাবাদৰ মেনপুৰি সীমান্তৰ সমীপত ৭৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অন্য এখন গাড়ীক খুন্দা মাৰি বাগৰি পৰিছিল মাছ ভৰ্তি বাহনখন । পুৱাৰ ভাগত হৈ থকা ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাৰ পাচতেই এতিয়া পথৰ ওপৰত মাছ ধৰাত ব্যস্ত অসংখ্যজন ।

You might also like