নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত বাছ- ট্ৰাকৰ মুখামুখী সংঘৰ্ষ

নিহত ১০ জন আৰু আহত ২২ জন

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত ১০ জন লোক নিহত হোৱাৰ উপৰিও ২২ জন গুৰুত্বভাৱে আহত হয়।
বিকানেৰ জিলাৰ শ্ৰী দুৰ্গাগড় সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী সূত্ৰত প্ৰকাশ যে আহত সকলক পি এন বি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্থ বাছ খন ৰাজস্থান লোক পৰিবহন সেৱাৰ অধীনত চলাচল কৰিছিল।

You might also like