নিয়মীয়া বাৰ্তা, ৮ মে’: ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ যুদ্ধ বিমান সোমবাৰে পুৱা ৰাজস্থানৰ হনুমানগড়ৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। চুৰাটগড়ৰ পৰা উৰা মাৰিছিল বিমানখনে। পেৰাচুটৰ সহায়ত বিমানৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে পাইলটজনে। অৱশ্যে যুদ্ধ বিমানখন এটা ঘৰত খুন্দা মৰাৰ ফলত এগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃত্যু হয়। বৰ্তমান বায়ুসেনাৰ পৰা এই সন্দৰ্ভত কোনো নিশ্চিতকৰণ পোৱা নাই।
ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানা সদৰে কয় যে পাইলটজনক বিমানেৰে লৈ যোৱা হৈছে। মিগ-২১ খহি পৰা ছাদত উপস্থিত আছিল তিনিগৰাকী মহিলা আৰু এজন পুৰুষ। ইয়াৰে এগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃত্যু হয়। একে সময়তে দুগৰাকী মহিলাক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধ বিমান সুখয় ছু-৩০ আৰু এখন মিৰাজ ২০০০ ৰাজস্থানৰ ভাৰতপুৰত প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল এজন পাইলটে। একে সময়তে যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। কোচিত এপ্ৰিল মাহত আন এক দুৰ্ঘটনা সংঘটিত হৈছিল যেতিয়া ক’ষ্ট গাৰ্ডৰ হেলিকপ্টাৰ এখনে প্ৰশিক্ষণৰ সময়ত ক্ৰেচ লেণ্ডিং কৰিছিল।