নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেডিটেচন: মানসিক চাপৰ পৰা মুক্তিৰ সহজ উপায়

বর্তমান যান্ত্রিকতাৰ যুগত চাৰিওফালে কেৱল মানুহৰ সমাগম, হৈ–হাল্লা, গাডী–মটৰৰ বিকট শব্দ, কল–কাৰখানাৰ আৱাজ– মুঠতে এক কোলাহলপূর্ণ পৰিৱেশ৷ অফিচ–কাছাৰী, বজাৰ–সমাৰ, স্কুল–কলেজলৈ যাবলৈ লৰা–ঢ়পৰা, কেৱল দৌৰা দৌৰি, ব্যস্ততা৷ য’ত শাৰীৰিক শ্রমৰ লগতে মনটোৱে জিৰাবলৈ সময় নাপায়৷ এনে অৱস্থাত মানুহ এজনৰ মানসিক অশান্তি ক্রমে বাঢ়িবলৈ ধৰে৷ এটা সময় আহে তেওঁ ক’তো মন বহুৱাব নোৱৰা হয়৷ অর্থাৎ মানুহজন মানসিক বিকাৰৰ চিকাৰ হয়৷ তাৰ মাজতে ব্যস্ততাপূর্ণ জীৱনত অলপমান সময় উলিয়াই হ’লেও আমি মনটোক জিৰাবলৈ দিব লাগে৷ মন শান্ত, সুস্থ থাকিলেহে আমি সকলো কামতে মনযোগ দিব পাৰিম৷ সেয়ে মানসিক চাপৰ পৰা মুুক্তিৰ প্রধান উপায় হিচাপে মেডিটেচন বাছি লোৱা শ্রেষ্ঠ হয়৷ প্রতিদিনে মেডিটেচনৰ সংগী হৈ মনসংযোগ ঘূৰাই আনিব পাৰি৷
মানসিক চাপ কমোৱাৰ অন্যতম উপায় হ’ল মেডিটেচন কৰা৷ দৈনিক নিয়ম মতে ধ্যান কৰি মনোসংযোগ বৃদ্ধি কৰি মনটো স্থিৰ কৰিব পাৰি৷ সমান্তৰালভাৱে ষ্ট্রেছ কমোৱাৰো উত্তম উপায় এই মেডিটেচন৷ মনৰ মাজত শান্তি বজাই ৰাখিবলৈ প্রতিদিনে মেডিটেচন কৰাৰ অভ্যাস কৰা প্রয়োজন৷ এইক্ষেত্রত কিছু নিয়ম মানি চলাটোও অতি জৰুৰী৷

  • আপুনি যি স্থানত মেডিটেচন কৰিব, সেই ঠাইৰ আশ–পাশৰ পৰিৱেশ শান্ত তথা সুশৃংখলিত হোৱা প্রয়োজন৷ অতিৰিক্ত হৈ–হাল্লা, শব্দ বা কোলাহলত মনোসংযোগ সম্ভৱ নহয়৷
  • মেডিটেচন কৰাৰ সময়ত আপুনি কি পোছাক পৰিধান কৰিব, সেইটোও গুৰুত্বপূর্ণ কথা৷ শালীনতা থকা কোমল কপাহী কাপোৰ পৰিধান কৰিহে ইয়াত ভাগ লোৱা উচিত৷ যিকোনো কাপোৰ পৰিধান কৰি মেডিটেচন কৰা সম্ভৱ নহয়৷
  • প্রথমাৱস্থাত বহু সময় ধৰি মেডিটেচন কৰা সম্ভৱ নহয়৷ প্রথমে সেয়ে ৫–১০ মিনিটমান সময়হে মেডিটেচন কৰাৰ অভ্যাস কৰক৷ তাৰ পিছত সময়ৰ গতি বঢ়াই যাওক৷
  • আপুনি যি ঠাইত বহি মেডিটেচন কৰিব, তাত কোনোধৰণৰ মিউজিক ছিষ্টেম নবজাব৷ নহ’লে মনোসংযোগত ব্যাঘাত জন্মিব৷
  • মেডিটেচন কৰা ঠাইখিনিত মম বা সুগন্ধি ধূপ জ্বলাব পাৰে৷ যিয়ে পৰিৱেশটো নিখুঁত তথা শুদ্ধ কৰিব৷
  • মেডিটেচন কৰাৰ কালত কেতিয়াও আধা ডোখৰতে এৰি নিদিব৷ প্রতিদিনে অলপ সময়ৰ বাবে হ’লেও মেডিটেচন কৰাৰ অভ্যাসকণ ৰাখিব৷
  • মেডিটেচনৰ অর্থ ধ্যান বা মনঃসংযোগৰ মূল বিষয় হ’ল মনক শান্ত কৰা তথা মনটো স্থিৰ কৰা৷ সেয়েহে কোনোধৰণৰ উত্তেজনাৰ বশৱর্তী হৈ মেডিটেচন নকৰিব৷ ইয়ে শৰীৰত বিৰূপ প্রভাৱহে পেলাব৷
You might also like