নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰে দেশলৈ আনিব শান্তি-ভাতৃত্ববোধঃ ৰবি শংকৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ আধ্যাত্মিক গুৰু তথা অযোধ্যা বিবাদ মীমাংসা কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া মধ্যস্থতাকাৰী পেনেলৰ অন্যতম সদস্য শ্রীশ্রী ৰবি শংকৰে বিশ্বাসেৰে মন্তব্য কৰিছে যে প্রস্তাৱিত ৰাম মন্দিৰে দেশলৈ শান্তি আৰু সম্প্রদায়সমূহৰ মাজত ভাতৃত্ববোধ আনিবলৈ সক্ষম হ’ব ৷ উচ্চতম ন্যায়ালয়ে যোৱা ৯ নৱেম্বৰত অযোধ্যা বিবাদৰ আইনী অৱসান ঘটাই ২.৭৭ একৰ ভূমিত ৰাম মন্দিৰ নির্মাণৰ ৰায় দিছিল ৷ এই সন্দর্ভত তেওঁ সাংবাদিকৰ সৈতে বার্তালাপত কয় যে অযোধ্যাত ৰাম মন্দিৰ নির্মাণ দেশৰ জনসাধাৰণৰ দীর্ঘদিনীয়া সপোন ৷ এই মন্দিৰৰ নির্মাণকার্য অতি সোনকালে আৰম্ভ হ’ব লাগে বুলি আধ্যাত্মিক গুৰুজনে মন্তব্য কৰে ৷ অৱশ্যে মন্দিৰ নির্মাণ সমিতিত তেওঁ নাথাকে বুলিও স্পষ্টভাৱে উল্লেখ কৰে ৷

You might also like