১০০ দিন ধৰি ক’ভিড–১৯ৰ পৰা মুক্ত নিউজিলেণ্ড
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ক’ভিড–১৯ৰ সংক্রমণৰ পৰা ইতিমধ্যে মুক্ত হোৱা বুলি দাবী কৰা নিউজিলেণ্ডে আজি ঘোষণা কৰিছে যে ১০০ দিন ধৰি দেশখনৰ অভ্যন্তৰত এগৰাকীও লোক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা নাই৷ গৃহভূমিত ক’ভিড সংক্রমণ শূন্য বুলি দাবী কৰা দেশখনে অৱশ্যে পৰিস্থিতি যিকোনো মুহূর্ততে জটিল হৈ পৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে৷ কাৰণ ভিয়েটনাম আৰু অষ্ট্রেলিয়াত এটা সময়ত ক’ভিড–১৯ৰ সংক্রমণ শূন্য আছিল যদিও পৰৱর্তী সময়ত দুয়োখন দেশতেই ভাইৰাছবিধে বিস্তাৰ লাভ কৰিছে৷ এনে পৰিস্থিতিত নিউজিলেণ্ড চৰকাৰে দেশবাসীক সতর্ক থাকিবলৈ অনুৰোধ জনাইছে৷ সংক্রমণ প্রতিৰোধৰ সকলো ব্যৱস্থা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷