নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ক’ৰোনাত লক্ষাধিক লোকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলত ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ১ লাখ অতিক্রম কৰিছে৷ আমেৰিকাৰ পাছতে এই মহামাৰীত গৰিষ্ঠসংখ্যক লোকৰ মৃত্যু হোৱা দেশ হিচাপে চিহ্ণিত হৈছে ব্রাজিল৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত আৰম্ভণিৰে পৰা বিশেষ ব্যৱস্থা গ্রহণ নকৰা ব্রাজিলত সংক্রমিত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আহিছে৷ প্রথম তিনি মাহত ব্রাজিলত ক’ভিড–১৯ত মৃত্যু হৈছিল ৫০ হাজাৰ লোকৰ৷ কিন্তু এই মহামাৰীত বিগত ৫০ দিনত আন ৫০ সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে৷ অর্থাৎ মৃত্যু হোৱা লোকৰ সংখ্যা ক্রমাৎ দ্রুতগতিত বৃদ্ধি পাবলৈ লৈছে৷ দেশখনত মহামাৰীৰ সংক্রমণে শিখৰ আৰোহণ কৰাৰ সময়তে বিভিন্ন বাণিজ্যিক প্রতিষ্ঠান তথা ৰেষ্টুৰেণ্টবোৰ পুনৰ মুকলি কৰিছে চৰকাৰে৷ দেশখনৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত শিথিল নীতি গ্রহণ কৰিছে অর্থনৈতিক ক্ষেত্রত প্রতিকূল প্রভাৱ পৰিব বুলি ধাৰণা কৰি৷

You might also like