নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিন্তনীয় : দেশৰ বজাৰত প্রচলিত বহুল ব্যৱহূত ১১১বিধ ঔষধ নিম্নমানৰ

🔹 চিডিএছচিঅ’ইৰ সতর্কবাণী জাৰি

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : দেশৰ বজাৰত প্রচলিত বহুল ব্যৱহূত ১১১বিধ ঔষধ নিম্নমানৰ৷ চেন্ট্ৰেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্ৰ’ল অর্গেনাইজেচন, চমুকৈ চিডিএছচিঅ’ই চলোৱা ঔষধৰ মান নিৰীক্ষণ পৰীক্ষাত বহুল প্রচলিত ১১১বিধ ঔষধ মান পৰীক্ষণত বিফল হৈছে৷ অর্থাৎ বজাৰত প্রচলিত ১১১বিধ ঔষধ নিম্নমানৰ৷ চিডিএছচিঅ’ই প্রকাশ কৰা মতে, ১১১বিধ ঔষধৰ ভিতৰত ৪১বিধ কেন্দ্রীয় লেব’ৰেটৰীত পৰীক্ষণ কৰাৰ বিপৰীতে ৭০বিধ ঔষধ ৰাজ্যিক লেব’ৰেটৰীত পৰীক্ষা কৰা হৈছে৷ এই ঔষধৰ নমুনা পৰীক্ষা কৰাত ঔষধকেইবিধ নিম্নমানৰ বুলি নিশ্চিত হৈছে৷ বজাৰত উপলব্ধ ১১১বিধ ঔষধৰ মান নিম্ন হোৱাৰ তথ্য নিশ্চিত হোৱাৰ পিছতে চিডিএছচিঅ’ই বজাৰত সতর্কবাণী জাৰি কৰিছে৷ এই ঔষধ প্রস্তুত কৰা কোম্পানীসমূহক ইতিমধ্যে এই সন্দর্ভত জাননী জাৰি কৰা হৈছে৷ বজাৰৰ পৰা শীঘ্রেই এই ঔষধসমূহ প্রত্যাহাৰ কৰিবলৈ নির্দেশো দিয়া হৈছে৷ লক্ষণীয় যে এই ঔষধৰ মান নিৰীক্ষণৰ সময়ত দুবিধ ঔষধ বিষাক্ত বুলিও ধৰা পৰিছে৷ এই ঔষধ দুবিধৰ ভিতৰত এবিধ বিহাৰ ড্রাগছ কন্ট্ৰ’ল অথ’ৰিটীয়ে ধৰা পেলাইছে আৰু আনবিধ উত্তৰ প্রদেশৰ গাজিয়াবাদত ধৰা পৰিছে৷ লক্ষণীয় যে এই ঔষধ দুবিধ প্রস্তুত কৰা কোনো কোম্পানীৰ নাম উল্লেখ নাই৷ ১১১বিধ ঔষধৰ ভিতৰত বহুল ব্যৱহূত পান ডি আৰু এণ্টিবায়’টিক–৬২৫ আছে৷ এই ঔষধ দুবিধ এলকেম লেব’ৰেটৰিছ আৰু গ্লাক্সোস্মিথ ক্লিন ফার্মাই প্রস্তুত কৰিছে৷ নিম্নমানৰ ঔষধৰ ভিতৰত চিপলাৰ টোফাজাক টেবলেট আৰু ইণ্টাছ ফার্মাৰ মনীত এছআৰ–৩০ টেবলেটো আছে৷ এনেধৰণৰ নিম্নমানৰ ঔষধৰ বজাৰত প্রচলনে চিডিএছচিঅ’ক উদ্বিগ্ণ কৰি তুলিছে৷

You might also like