🔹 আয়কৰ বিভাগৰ কাণ্ডক লৈ হতবাক দুই ক্ষুদ্র ব্যৱসায়ী
নিউজ ডেস্ক, ৩০ মার্চ : দুই ৰাজ্যৰ দুজন ক্ষুদ্র ব্যৱসায়ী৷ এজনে ঠেলাগাড়ীত কণী বিক্রী কৰে, আনজনে পথৰ দাঁতিত ফলৰ ৰস বিক্রী কৰে৷ দুয়োজনলৈ আয়কৰ বিভাগৰ পৰা জাননী আহিছে৷ কোনোমতে পৰিয়াল পোহপাল দিয়া এই দুয়োগৰাকী ব্যৱসায়ীলৈ আয়কৰে প্রেৰণ কৰা জাননী অনুসৰি, তেওঁলোকে বকেয়াসহ আদায় দিবলগীয়া আছে ১৩ কোটি টকা৷ মধ্যপ্রদেশৰ ডামো জিলাৰ প্রিন্স চুমন নামৰ কণী বিক্রেতাগৰাকীলৈ আয়কৰে প্রেৰণ কৰা জাননী অনুসৰি, তেওঁৰ ৫০ কোটি টকাৰ ব্যৱসায় আছে৷ গতিকে, শীঘ্রে বকেয়াসহ ৬ কোটি টকাৰ জিএছটি আদায় দিব লাগে৷ আনফালে, উত্তৰ প্রদেশৰ আলিগড়ৰ ফলৰ ৰস বিক্রেতা মহম্মদ হৰিশলৈও আহিছে অনুৰূপ জাননী৷ ফলৰ ৰস বিক্রেতা হৰিশক ৭ কোটি টকাৰ জিএছটি আদায় দিবলৈ আয়কৰ বিভাগে জাননী দিছে৷ সেই জাননী লাভ কৰাৰ পাছতে দুয়োগৰাকী ব্যৱসায়ীৰ চকু কপালত উঠিছে৷