🔹 মুছলিমপক্ষৰ গোচৰ খাৰিজ এলাহাবাদ হাইক’ৰ্টৰ
বিশেষ বাৰ্তা, ১ আগষ্ট : মথুৰাৰ শ্রীকৃষ্ণ জন্মভূমি মন্দিৰ তথা শ্বাহী ঈদগাহ মছজিদ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত অস্বস্তিত পৰিল মুছলিমপক্ষ৷ ১৩.৩৭ একৰ ভূমিৰ পৰা মছজিদ আঁতৰ কৰাৰ দাবীত মুঠ ১৮টা গোচৰ তৰিছে হিন্দুপক্ষই৷ এই গোচৰবোৰৰ বৈধতাক লৈ প্রশ্ণ তুলি গোচৰ তৰিছিল মুছলিমপক্ষই৷ সেই গোচৰ আজি খাৰিজ কৰি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মৈনাক কুমাৰ জৈনৰ বিচাৰপীঠে মুছলিমপক্ষৰ গোচৰ খাৰিজ কৰি কৈছে যে হিন্দুপক্ষৰ ১৮টা গোচৰেই শুনানিযোগ্য৷ অর্থাৎ হিন্দুপক্ষৰ গোচৰৰ শুনানি গ্রহণ কৰিবলৈ সন্মত হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়৷ ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰা অনুসৰি হিন্দু উপাসক সম্প্রদায়ে তৰা গোচৰবোৰ সীমাবদ্ধতা আইন (১৯৬৩) বা উপাসনাৰ স্থান আইন (১৯৯১)ৰ অধীনত নিষিদ্ধ নহয়৷