🔹 দানপাত্র খুলি হতবাক কর্তৃপক্ষ : কম সময়ৰ ভিতৰতে অভিলেখ
নিউজ ডেস্ক, ১০ ডিচেম্বৰ : ভাৰতৰ প্রায়বোৰ মন্দিৰত আছে দানপাত্র৷ ভক্তসকলে নিজৰ সামর্থ্য অনুসৰি ভগৱানক দান কৰে৷ টকাৰ উপৰি সোণৰ অলংকাৰ, ৰূপৰ অলংকাৰ দান কৰাটো এক নিয়মত পৰিণত হৈছে৷ এই ক্ষেত্রত আশ্চর্য হ’বলগীয়া একো নাই৷ কিন্তু ৰাজস্থানৰ ছানৱালি শেঠ মন্দিৰত দানপাত্র খোলাৰ পিছতে চকু কপালত উঠিছে মন্দিৰ কর্তৃপক্ষৰ৷ প্রতি অমাৱস্যাত মন্দিৰটোৰ অনুদান বাকচ খোলা হয়৷ বিশেষ কাৰণত বিগত দুমাহ এই অনুদান বাকচ খোলাৰ কাম বন্ধ আছিল৷ শেহতীয়া অমাৱস্যাত দানপাত্র খোলাৰ লগে লগে মন্দিৰ কর্তৃপক্ষ হতবাক হৈ পৰে৷ দানপাত্রত এই দুমাহৰ ভিতৰত জমা হৈছে মুঠ ২৩ কোটি টকা৷ অকল সেয়াই নহয়, দানপাত্রত জমা হৈছে ১ কিলোগ্রাম ওজনৰ সোণৰ বিস্কুট৷ ইয়াৰ উপৰি ৰূপ তথা সোণৰ বিভিন্ন অলংকাৰ দানপাত্রত জমা হিচাপে ৰাখি গৈছে ভক্তই৷ মন্দিৰৰ ইতিহাসত কোনোদিনে ইমান কম সময়ৰ ভিতৰত এনে বৃহৎ অংকৰ ধন আৰু অলংকাৰ জমা হোৱা নাছিল৷ ৰাজস্থানৰ চিতোৰগড়–উদয়পুৰ ৰাষ্ট্রীয় পথৰ কাষৰ পৰা ৪০ কিলোমিটাৰ দূৰৈত অৱস্থিত এই মন্দিৰটো৷ চিতোৰগড় চহৰৰ এই মন্দিৰটোলৈ বছৰি আগমন ঘটে বহু ভক্তৰ৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, ১৮৪০ চনত ভোলাৰাম গুৰজাৰ নামৰ এজন গাখীৰ বিক্রেতাই সপোনত দেখিবলৈ পায় যে গাঁওখনৰ তিনিটা স্থানত শ্রীকৃষ্ণৰ তিনিটা ভিন্ন ৰূপৰ মূর্তি মাটিৰ তলত আছে৷ সপোনত দেখা স্থানসমূহত খনন কার্য চলোৱা হয়৷ তাৰ পিছতে পোৱা যায় তিনিটা মূর্তি৷ এই তিনিটা মূর্তি গাঁৱত প্রতিষ্ঠা কৰা হয়৷ এই তিনিটা মূর্তিৰ মণ্ডপীয়া নামৰ মূর্তিটোক কেন্দ্র কৰি ছানৱালি শেঠ মন্দিৰ গঢ়ি উঠিছে৷ ইয়াতে অবিশ্বাস্যভাৱে ভক্তসকলে নগদ ধন আৰু অলংকাৰ দান কৰি আহিছে৷