নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বিদেশিনীসহ ২৩ মহিলাক উদ্ধাৰ আৰক্ষীৰ

🔹 গ্রাহকৰ বেশত আৰক্ষী : উৎখাত কুখ্যাত যৌন চক্র

নিউজ ডেস্ক, ২৪ মার্চ : দেশৰ ৰাজধানী দিল্লীৰ পাহাৰগঞ্জ অঞ্চলত বৃহৎ যৌন চক্রক উৎখাত কৰিলে আৰক্ষীয়ে৷ অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ গ্রাহকৰ বেশত অভিযান চলাইছিল দিল্লী আৰক্ষীয়ে৷ এই অভিযানত তিনি নাবালিকা, ১০গৰাকী বিদেশিনীসহ মুঠ তেইশগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে৷ ইফালে, মানৱ সৰবৰাহকাৰী চক্রৰ সাতজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উদ্ধাৰ হোৱা ১০ বিদেশী মহিলা নেপালৰ নাগৰিক বুলি উল্লেখ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, পাহাৰগঞ্জ অঞ্চলত দীর্ঘদিন ধৰি যৌন চক্র তথা মানৱ সৰবৰাহ চলি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ সেই অনুসৰি গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে৷ পাহাৰগঞ্জ বজাৰ অঞ্চলৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় এই তেইশগৰাকী মহিলাক৷ উদ্ধাৰ হোৱা মহিলাসকলৰ অধিকসংখ্যকেই পশ্চিমবংগ আৰু নেপালৰ বাসিন্দা৷ মোটা অংকৰ বেতনৰ কামৰ প্রলোভন দি মানৱ সৰবৰাহকাৰী চক্রই দিল্লীলৈ আনিছিল এই মহিলাসকলক৷ জানিব পৰা গৈছে যে গ্রাহকসকলৰ চাহিদা অনুসৰি বৃহৎ অংকৰ টকাৰ বিনিময়ত মহিলাসকলক বিভিন্ন হোটেললৈ প্রেৰণ কৰা হৈছিল৷ আৰক্ষীয়ে দাবী কৰা অনুসৰি অভিযুক্তক কৰায়ত্ত কৰিবলৈ নিজেই গ্রাহকৰ বেশ ধৰিবলগীয়া হৈছিল৷

You might also like