ধুমুহাৰ আশংকাত ২৫খন ৰে’লৰ সেৱা বাতিল পূব ৰে’লৱেৰ
নিয়মীয়া বাৰ্তা ২৫ মেঃ সামুদ্রিক ধুমুহা যশে তাণ্ডৱ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিয়েই পূব ৰে’লৱেই ২৫খন ৰে’লৰ সেৱা বাতিল কৰিছে৷ ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ আৰু তামিলনাডুত বংগোপসাগৰৰ পৰা আহিবলগীয়া ধুমুহা যশে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি সতর্কবাণী কৰিছে কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে৷ পূব ৰে’লৱেই আগন্তুক ২৪ৰ পৰা ২৫ মে’লৈকে এই ৰে’লকেইখনৰ সেৱা বাতিল কৰিছে৷ এই ৰে’লসমূহৰ ভিতৰত আছে গুৱাহাটী–বাংগালুৰু কেণ্ট, মুজাফফৰপুৰ–যশৱ্, এর্নাকুলাম–পাটনা, নিউ তিনচুকীয়া–তাম্বাৰাম, ভাগলপুৰ–যশৱন্ত আদি কেইবাখনো এক্সপ্রেছ ৰে’ল৷ পূব ৰে’লৱেৰ তৰফৰ পৰা ইতিমধ্যে ছ’চিয়েল মিডিয়া টুইটাৰযোগে সেৱা বাতিল হোৱা ৰে’লসমূহৰ সবিশেষ তালিকা মুকলি কৰি দিছে৷ ভয়াৱহ সামুদ্রিক ধুমুহা যশে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰতে দেশৰ পূব প্রান্তৰ উপকূলত তাণ্ডৱ সৃষ্টি কৰিব পাৰে৷ এই উপকূলীয় অঞ্চল হৈছে ওড়িশা আৰু পশ্চিমবংগ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ২৬ মে’ৰ বিয়লিৰ ভিতৰত ওড়িশাৰ পাৰাদ্বীপ আৰু পশ্চিমবংগৰ সাগৰ দ্বীপত মুষলধাৰ বৰষুণ কঢ়িয়াই আনিব ধুমুহা যশে