নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন ন পৰিচয়েৰে বিয়াত বহি ২৫ যুৱকক প্রতাৰণা

🔹 আৰক্ষীৰ জালত কুখ্যাত অপৰাধী চক্রৰ মাষ্টাৰমাইণ্ড যুৱতী

নিউজ ডেস্ক, ২২ মে’ : তেওঁ অকলশৰীয়া… দৰিদ্র, অসহায় ! সংসাৰত তেওঁৰ এজন ভাতৃ আছে ঠিকেই, কিন্তু জীৱিকা শূন্য ! ৩২ বছৰীয়া সুন্দৰী যুৱতীয়ে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰে, কিন্তু আর্থিক অনাটনৰ বাবে বিয়াৰ পথত সৃষ্টি হয় হেঙাৰ৷ গতিকে, এই দাৰিদ্র্যকেই অস্ত্র হিচাপে গ্রহণ কৰে অনুৰাধা পাছোৱান নামৰ যুৱতীজনীয়ে৷ সেই অস্ত্রৰ জৰিয়তে আহত কৰে এজনৰ পাছত এজনকৈ যুৱকক৷ অনুৰাধাৰ প্রেমত পৰি বিয়াৰ বাবে ৰাজী হয় যুৱকসকল৷ কিন্তু ইজনৰ পাছত সিজন যুৱকক বিয়াৰ পাছতে প্রতাৰণা কৰে অনুৰাধাই৷ অৱশেষত আৰক্ষীৰ জালত পৰিছে এই বহুবিবাহৰ নায়িকা অনুৰাধা ৷ লাখ লাখ টকা আৰু সোণৰ অলংকাৰ লুট কৰি নিয়াৰ অভিযোগত ৰাজস্থান আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে যুৱতীগৰাকীক ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি অকল এয়েই নহয়, এইক্ষেত্রত এটা অপৰাধী চক্রই কাম কৰি আহিছিল৷ অনুৰাধা আছিল সেই অপৰাধী চক্রৰ মাষ্টাৰমাইণ্ড৷ এতিয়ালৈকে অনুৰাধাই ২৫জন যুৱকৰ সৈতে এনেদৰে বিবাহপাশত আবদ্ধ হৈ আটাইকেইজনৰ পৰা নগদ ধন আৰু অলংকাৰ সৰকাইছে৷ বৰ্তমান এই অনুৰাধাই ‘লুটেৰী দুলহন’ হিচাপে কুখ্যাতি অৰ্জন কৰিছে। অৱশ্যে এখন চহৰতে অনুৰাধা বা তেওঁৰ অপৰাধী চক্রই এই কাম কৰা নাছিল৷ এনে প্রতাৰণাৰ বাবে তেওঁলোকে সদায় নতুন নতুন চহৰ বাছি লৈছিল ৷ নতুন নতুন পৰিচয়ত ঘৰ ভাৰা লৈ অনুৰাধাই আঢ্যৱন্ত যুৱকক জালত পেলাইছিল ৷ অনুৰাধাৰ দলৰ সদস্যসকলে তেওঁৰ ছবি লৈ গৈছিল বিভিন্ন পাত্র আৰু পৰিয়ালৰ ওচৰলৈ ৷ অনুৰাধাৰ জীৱনৰ ‘ভুৱা সংগ্রাম’ৰ কাহিনী শুনাই অপৰাধী চক্রটোৱে অনুৰাধাৰ প্রতি আস্থা সৃষ্টি কৰিছিল৷ এনেদৰে বিবাহপাশত আবদ্ধ হৈ শহুৰেকৰ ঘৰত প্রতাৰণাৰ পৰিকল্পনা আৰম্ভ কৰে অনুৰাধাই ৷ খাদ্য বা পানীয়ৰ সৈতে নিচাযুক্ত দ্রব্য মিহলি কৰি শহুৰেকৰ ঘৰৰ সদস্যসকলক সংজ্ঞাহীন অৱস্থাত পেলাই ধন, সোণ আৰু মূল্যৱান সামগ্রী লৈ পলায়ন কৰিছিল অনুৰাধাই ৷ যোৱা ২০ এপ্রিলত ছৱাই মাধোপুৰৰ বাসিন্দা বিষ্ণু শর্মাৰ সৈতে এনেদৰে বিবাহপাশত আবদ্ধ হৈছিল অনুৰাধা ৷ বিষ্ণু শর্মাৰ ঘৰৰ পৰা ধন, সোণ লৈ পলায়ন কৰাৰ পাছত আৰক্ষীয়ে অভিযোগ লাভ কৰে ৷ এই অভিযোগৰ ভিত্তিত অনুৰাধাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷

You might also like