নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫,৭৫৩ শিক্ষক-কর্মচাৰীৰ নিযুক্তি বাতিল

🔹 উৎকোচ লৈ চাকৰি : কঠোৰ কলকাতা উচ্চ ন্যায়ালয়

🔹 ৪ সপ্তাহৰ ভিতৰত ৮ বছৰৰ দৰমহা ওভতাই দিয়াৰ নির্দেশ

বিশেষ বাৰ্তা, ২৩ এপ্রিল : লোকসভা নির্বাচন চলি থকাৰ মাজতে পশ্চিমবংগৰ তৃণমূল কংগ্রেছ চৰকাৰত মোক্ষম আঘাত৷ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন টিএমচি চৰকাৰে নিযুক্তি দিয়া ২৫,৭৫৩ বিদ্যালয় কর্মচাৰীৰ নিযুক্তি বাতিল কৰিলে কলকাতা উচ্চ ন্যায়ালয়ে৷ কলকাতা উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কালি পশ্চিমবংগ চৰকাৰৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন শিতানত ২০১৬ চনত নিযুক্তি দিয়া মুঠ ২৫,৭৫৩জনৰ নিযুক্তি বাতিল কৰাৰ লগতে কর্মচাৰীসকলক দৰমহা চাৰি সপ্তাহৰ ভিতৰত ওভতাই দিবলৈ নির্দেশ দিছে৷ বিচাৰপীঠে উক্ত কর্মচাৰীৰ নিযুক্তি প্রক্রিয়াৰ তদন্ত চিবিআইক কৰিবলৈ নির্দেশ দি তিনি মাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈও নির্দেশনা দিছে৷ মন কৰিবলগীয়া যে চাকৰিৰ নামত উৎকোচ লোৱা গোচৰটো ইতিমধ্যে চিবিআই আৰু ইডিয়ে তদন্ত কৰি আছে৷ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ দেৱাংশু বাসক আৰু ছব্বৰ ৰাশ্বিদিয়ে কালি পুৱা এই ৰায়দান কৰাৰ পাছতে শাসকীয় টিএমচি চৰকাৰৰ বাবে নির্বাচনৰ সময়ত আঘাত হিচাপে চর্চিত হৈছে৷ উল্লেখ্য যে ২০১৬ চনত উচ্চ মাধ্যমিক (নৱম–দশম) আৰু উচ্চতৰ মাধ্যমিক (একাদশ–দ্বাদশ)ৰ শিক্ষকৰ লগতে কর্মচাৰী গ্রুপ ‘চি’ আৰু গ্রুপ ‘ডি’ৰ নিযুক্তিত ভয়াৱহ কেলেংকাৰি হোৱা বুলি অভিযোগ উঠাৰ পাছতে এই নিযুক্তিক লৈ চিবিআইক তদন্ত কৰিবলৈ ২০২২ চনৰ মে’ত কলকাতা উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে নির্দেশ দিছিল৷ চিবিআয়ে এই গোচৰৰ তদন্ত কৰাৰ সমান্তৰালকৈ ইডিয়েও এই কেলেংকাৰিক লৈ তদন্ত আৰম্ভ কৰে৷ ২০২২ চনৰ জুলাইত ইডিয়ে প্রাক্তন শিক্ষামন্ত্রী পার্থ চেটার্জী আৰু তেওঁৰ ঘনিষ্ঠ অর্পিতা মুখার্জীক গ্রেপ্তাৰৰ পাছতে পশ্চিমবংগ চৰকাৰৰ বিদ্যালয়ৰ শিক্ষক–কর্মচাৰী নিযুক্তি কেলেংকাৰি স্পষ্ট হৈ পৰে৷ এই কেলেংকাৰিয়ে পশ্চিমবংগৰ ৰাজনীতি উত্তাল কৰি তোলে আৰু সেই কেলেংকাৰিৰে নিযুক্ত বিদ্যালয় শিক্ষক–কর্মচাৰীৰ নিযুক্তি কালি বাতিল কৰাৰ পাছতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্রী মমতা বেনার্জী৷ কেন্দ্রত শাসনাধিষ্ঠিত–পশ্চিমবংগৰ বিৰোধী বিজেপিয়ে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনোৱাৰ বিপৰীতে মুখ্যমন্ত্রী বেনার্জীয়ে বিজেপিক আক্রমণৰ লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিজেপিয়ে ন্যায়িক ব্যৱস্থা আৰু ৰায়দানক প্রভাৱান্বিত কৰিছে৷ উচ্চ ন্যায়ালয়ে নিযুক্তি বাতিল কৰাৰ পাছত বিদ্যালয়ৰ শিক্ষক–কর্মচাৰীক উদ্বিগ্ণ নহ’বলৈ আহ্বান জনাই মুখ্যমন্ত্রী বেনার্জীয়ে কয়– আমি আপোনালোকৰ লগত আছোঁ৷ আমি যুঁজ দিম৷ ২৬ হাজাৰ শিক্ষক মানেই ১.৫ লাখ পৰিয়াল৷ তেওঁলোকে ৮ বছৰ ধৰি কাম কৰি আছে৷ কিদৰে চাৰি সপ্তাহতে দৰমহা ওভতাই দিব৷ মুখ্যমন্ত্রীয়ে নিযুক্তি বাতিল কৰা শিক্ষক–কর্মচাৰীক সকাহ দিবলৈ পদক্ষেপ গ্রহণ কৰিব বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলিও ঘোষণা কৰিছে৷

You might also like