নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৃষ্টি এক সমন্বয় যাত্ৰা, মাজুলীৰ ব’হাগী উৎসৱ ২০২৪ৰ আয়োজন

🔹 ১০০০ বিহুৱা-বিহুৱতীৰ বিহু প্ৰদৰ্শনেৰে বিহু উৎসৱৰ শুভাৰম্ভ

🔹 প্ৰয়াত শিক্ষাগুৰু মোহন চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চ-প্ৰেক্ষাগৃহৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা,  ২২ এপ্ৰিল : মাজুলীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টি এক সমন্বয় যাত্ৰা, মাজুলীৰ উদ্যোগত ৪ আৰু ৫ মে’ (২১ আৰু ২২ ব’হাগ)ত আয়োজন কৰা ব’হাগী উৎসৱ ২০২৪ৰ লাইখুঁটা স্থাপন কালি সম্পন্ন হয় ৷ কালি পুৱা বন্তি প্ৰজ্বলন কৰে ব’হাগী উৎসৱ উদযাপনৰ ব্যৱস্থাপনা সমিতিৰ সভাপতি ৰবীন খাউণ্ডে। লাইখুঁটা স্থাপন কৰে ব’হাগী উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা দুৰ্গেশ্বৰ শইকীয়াই ৷ এই মাংগলিক কাৰ্যসূচীৰ আঁত ধৰে সম্পাদক বিকাশ দাসে ৷ এই অঞ্চলৰ প্ৰয়াত শিক্ষাগুৰু মোহন চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ লাইখুঁটা স্থাপন অনুষ্ঠানত সৃষ্টিৰ কাৰ্যকৰী সভাপতি ত্ৰিনয়ন দত্ত, উপ-সভাপতি ৰাতুল শইকীয়া, সম্পাদক প্ৰাঞ্জল খাউণ্ড, গগন বৰা, ৰূপেন বৰা, নিপন খাউণ্ডকে ধৰি সৃষ্টিৰ সদস্যসকল উপস্থিত থাকে ৷ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ব’হাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি ৪ মে’ৰ পুৱা ৬ বজাত সামূহিক চাফাই, ৭ বজাত বিহু পতাকা উত্তোলন, ৮ বজাত গছপুলি ৰোপণ, ৯ বজাত স্মৃতি তৰ্পণৰ পিছত পুৱা ১০ বজাত এহেজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা বিহুৰ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰিব মাজুলীৰ বিধায়ক ভুবন গামে ৷ ভকতিদুৱাৰ অঞ্চলৰ বিশিষ্ট শিক্ষাগুৰু মোহন চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব অসম অনুসূচিত জাতি উন্নয়ন ব’ৰ্ড মাজুলীৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসে ৷ ১১:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সৰু বিহুৱতী প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব উজনি মাজুলী খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়াই ৷ বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা বৰবিহুৱতী প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব সমাজকৰ্মী বীৰেন শইকীয়াই ৷ সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ সাত হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ পাঁচ হাজাৰ টকা, তৃতীয় পুৰস্কাৰ তিনি হাজাৰ টকা আৰু স্মাৰক ধাৰ্য কৰা হৈছে ৷ সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্রথম পুৰস্কাৰ দহ হাজাৰ টকা দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ টকাৰ বিপৰীতে ৫ মে’ত অনুষ্ঠিত হ’ব লগা জেং বিহুৰ প্ৰথম পুৰস্কাৰ দহ হাজাৰ, দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ, মিচিং বিহুৰ প্ৰথম পুৰস্কাৰ দহ হাজাৰ আৰু দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ ধাৰ্য কৰা হৈছে৷ দ্বিতীয় দিনা পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা জেং বিহু প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী দুলাল ভূঞাই, মিচিং বিহু প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব মাজুলী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ আনন্দ শইকীয়াই ৷ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা বঁটা বিতৰণী সভাৰ উদ্বোধন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড° নিৰোদ বৰুৱাই ৷ সভাখন সঞ্চালনা কৰিব উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গণেশ চন্দ্ৰ হাজৰিকাই ৷ খ্যাতনামা অনাতাঁৰ শিল্পী তথা বৈষ্ণৱ পণ্ডিত শিল্পী পেঞ্চনাৰ ধনীৰাম খাউণ্ডলৈ মৰণোত্তৰভাৱে ‘দ্বীপ বৈভৱ’ সন্মান প্ৰদান কৰা হব ৷ বঁটা প্ৰদান কৰিব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই ৷ ব’হাগী উৎসৱ ২০২৪ উপলক্ষে প্ৰকাশৰ দিহা কৰা ‘মুগাৰে মহুৰা’ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড° অনুপম বৰাই ৷ এই মুকলি সভাখনত মন্ত্ৰী পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সাংসদ তপন কুমাৰ গগৈ, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্যকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা ৷ ইফালে, সন্ধিয়া আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত খ্যাতিসম্পন্ন জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙে গীত পৰিৱেশন কৰিব বুলি বিহু উদযাপন সমিতিৰ সভাপতি পংকজ দত্ত আৰু সাধাৰণ সম্পাদক ৰঞ্জন মহন্তই জানিবলৈ দিয়াৰ লগতে প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ বাবে ৮৪৭১৮৯৬৫৮০, ৯৩৬৩৫৯২৪৫ আৰু ৯১০১০৮৮৮২১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like