নিয়মীয়া বাৰ্তা, ২০জুনঃ শিক্ষাগ্ৰহণ কৰাৰ কোনো নিৰ্দিষ্ট বয়স নাই। কেৰেলাৰ কাত্যায়নী আম্মাই ২০১৬ চনত ৯৬ বছৰ বয়সত শাৰীৰিক প্ৰতিকূলতা অতিক্ৰম কৰি পঢ়া-শুনা আৰম্ভ কৰি পৰীক্ষাত বহিছিল আৰু উত্তীৰ্ণও হ’ল। বয়স এতিয়া আৰু বাধা হৈ থকা নাই।
পুনেৰ বাসিন্দা ৪৩ বছৰীয়া ভাস্কৰ ৱাঘমাৰে দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণ হয়। এইবাৰো তেওঁ সৰু ল’ৰাটোৰ সৈতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অৱশ্যে তেওঁৰ সৰু পুত্ৰই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে।
পঢ়াৰ প্ৰবল হেঁপাহ আছিল যদিও পৰিয়ালৰ দায়িত্ব লোৱাৰ পাছত ভাস্কৰে সপ্তম শ্ৰেণীৰ পাছত পঢ়া-শুনা নকৰিলে। পঢ়া-শুনা এৰি কামলৈ যাব লগা হ’ল৷ কিন্তু তেওঁৰ পঢ়াৰ এক সুপ্ত ইচ্ছা আছিল। এটা সুযোগৰ বাবে অপেক্ষা কৰি আছে। সেই সুযোগ ৩০টা দীঘলীয়া বছৰৰ পিছত আহে। ভাস্কৰে সৰু ল’ৰাটোৰ সৈতে ব’ৰ্ড পৰীক্ষাত বহিছিল পিতৃ হিচাপে নহয়, সহপাঠী হিচাপে।