নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ উদমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিষ্ণুৰাভা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা-২০-জুন: ৰূপহীহাটৰ জুৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত আৰু উদমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয় । জুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি তথা উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুল হক মৰল আৰু সম্পাদক সূৰ্য্য বৰা উপস্থিত থাকি কলাগুৰু বিষ্ণুৰাভা দেৱৰ ফটোত মাল্যাৰ্পণেৰে আজিৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে । আজিৰ অনুষ্ঠানত ৰাভা সংগীত প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীক বিভিন্ন পুৰষ্কাৰেৰে পুৰষ্কৃত কৰা দেখা যায়। লগতে সদ্য ঘোষিত ২০২২ শিক্ষা বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা উদমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰিচালনা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । আজিৰ এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা কমিটি সভাৰ বিভিন্ন বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন তথা বৰ্তমানৰ প্ৰায় ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী তথা এই অঞ্চলৰ যুৱক-যুৱতী উপস্থিত থাকে । উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি নিজাম উদ্দিন সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ ফজলুল হক মৰলে। উদ্দেশ্য ব্যাখ্যাত তেখেতে কয় যে, শ্ৰীমন্ত শংকৰ দেৱৰ পিছত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক গৌৰাম্বিত কৰিছে সেইসকল ব্যক্তিৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱ অন্যতম।

প্ৰেৰকঃ জহিৰুল ইছলাম/ৰূপহীহাট

You might also like