নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ৰক্তৰ খেলাঃ ভোটকেন্দ্ৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৫ ভোটাৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ পশ্চিমবংগৰ পাঁচখন জিলাৰ ৪৪ টা সমষ্টিত চলি থকা আজিৰ ভোটগ্ৰহণ হিংসাত্মক হোৱা পৰিলক্ষিত হৈছে। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত হিংসা আৰু সংঘৰ্ষত পাঁচজন লোক নিহত হৈছে।

ইয়াৰে নিহত ৪জন লোক তৃণমূল কংগ্ৰেছে তেওঁলোকৰ দলৰ সদস্য বুলি জানিব দিয়াৰ লগতে আনগৰাকী নিহত বিজেপিৰ। ইয়াৰে প্ৰথমটো ঘটনা সংঘটিত হৈছে কোচবিহাৰৰ শীতলকুছিত।

তৰুণ বৰ্মন নামৰ এজন ১৮ বছৰীয়া যুৱকে জীৱনৰ প্ৰথম ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে ভোটক লৈ তৃণমূল-বিজেপিৰ মাজত সংঘৰ্ষ চলি থকাৰ মাজতে গুলীচালনা হোৱাত যুৱকজনৰ মৃত্যু হয়।

আনহাতে, কোচবিহাৰৰ মথাভাঙ্গাৰ জোৰাপাটকি নামৰ ঠাইত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ গুলীত পুৱা চাৰিজন লোক নিহত হয়। চিআৰপিএফে কিয় গুলীচালনা কৰিব লগা হল, সেই সম্পৰ্কে এতিয়াও জানিব পৰা নাই।

ইফালে, বিজেপি প্ৰাৰ্থী লকেট চট্টোপাধ্যায়, বাবুল সুপ্ৰিয় আৰু পায়েল সৰকাৰো আক্ৰমণৰ সন্মুখীন হয় বুলি জানিব পৰা গৈছে। বৰ্তমান ৪৪টা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

এই ঘটনাক লৈ ক্ষুব্ধ মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগক দোষাৰোপ কৰি নিৰ্বাচন আয়োগৰ নাম সলনি কৰি এম চি চি অৰ্থাত মোদী কোড কনডাক্ট কৰাৰ বাবে আহ্বান জনাইছে। আনহাতে, নিৰ্বাচন আয়োগে গুলীচালনা আত্মৰক্ষাৰ বাবে কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰে।

You might also like