নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ লাখ টকা হেৰুৱাই চৰম পথ বৃদ্ধ দম্পতীৰ

🔹 মর্মান্তিক ! চাইবাৰ অপৰাধীৰ প্রতাৰণাৰ বলি

নিউজ ডেস্ক, ৩০ মার্চ : দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া বুলি পৰিচয় দি বৃদ্ধ দম্পতীৰ সৈতে আর্থিক প্রতাৰণা চাইবাৰ অপৰাধীৰ! ধাৰাবাহিক ধনদাবীৰ চাপ আৰু ভাবুকিৰ বাবে আ*ত্মহনন কৰিবলগীয়া হয় এই দম্পতীয়ে৷ মর্মান্তিক এই ঘটনাটো সংঘটিত হৈছে কর্ণাটকৰ বেলাগাভি জিলাত৷ বৃদ্ধ দম্পতীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে আ*ত্মহননৰ টোকা৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, মৃত দম্পতীৰ নাম দিয়াংগো নাজাৰাত আৰু প্লেভিয়ানা নাজাৰাত৷ স্বামী দিয়াংগোৰ বয়স ৮৩ বছৰ আৰু প্লেভিয়ানাৰ বয়স ৭৯ বছৰ৷ পূর্বে এই দম্পতীয়ে মহাৰাষ্ট্রৰ সচিবালয়ত চাকৰি কৰিছিল৷ অৱসৰৰ পাছত কর্ণাটকত বসতি কৰিবলৈ লয়৷ বৃহস্পতিবাৰে বাসগৃহৰ পৰা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ দিয়াংগোই নিজৰ ডিঙি ৰেপি আ*ত্মহনন কৰাৰ বিপৰীতে তেওঁৰ পত্নী প্লেভিয়ানাই বিহপান কৰি আ*ত্মহনন কৰিছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ইতিমধ্যে চাইবাৰ প্রতাৰকে ৫০ লাখ টকা লুটি নিছে এই দম্পতীৰ পৰা৷ জীয়াই থকাৰ শেষ সম্বল হিচাপে যি ধন আছিল, সমস্ত চাইবাৰ অপৰাধীয়ে লুটি লৈ গৈছে৷ গতিকে, আ*ত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হয় এই বৃদ্ধ দম্পতীয়ে৷

You might also like