নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডত ভূমিস্খলনৰ ফলত আবদ্ধ ৫০ তীর্থযাত্রী

নিউজ ডেস্ক, ২৬ জুলাই : ধাৰাসাৰ বৰষুণত জনজীৱন ব্যাহত হৈ পৰিছে উত্তৰাখণ্ডত৷ ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে ৫০গৰাকী তীর্থযাত্রী৷ গাড়োৱাল জিলাৰ মদমহেশ্বৰ মন্দিৰলৈ যোৱাৰ পথত আবদ্ধ হৈ পৰে তীর্থযাত্রীসকল৷ নদীৰ ওপৰত নির্মাণ কৰা কাঠৰ দলং বৰষুণৰ ফলত ভাঙি যোৱাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত৷ অনির্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মন্দিৰলৈ যোৱা পথ৷ বিগত দুদিন ধৰি মুষলধাৰ বৰষুণ চলি আছে উত্তৰাখণ্ডত৷ কালি গাড়োৱালত মার্কন্দা নদীৰ ওপৰত নির্মিত কাঠৰ দলংখন বৰষুণৰ পানীয়ে উটুৱাই লৈ যায়৷ আনফালে একেটা পথত সৃষ্টি হয় ভূমিস্খলন৷ ফলত মন্দিৰলৈ যোৱা পথটো বন্ধ হৈ পৰে৷ প্রশাসনৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে বতৰ স্বাভাৱিক নোহোৱালৈকে মন্দিৰৰ পথ বন্ধ ৰখা হ’ব৷ মন্দিৰটো পঞ্চকেডাৰৰ অংশ৷ সমুদ্র পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১১,৪৭৩ ফুট৷ স্মর্তব্য যে চলিত বর্ষত উত্তৰাখণ্ডত কেইবাবাৰো ভূমিস্খলনৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ বান–ভূমিস্খলনে পৰিস্থিতি জটিল কৰি তুলিছে হিমালয়ান ৰাজ্যখনত৷

You might also like