নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ অবলা, দুর্বল শব্দসমূহ মহিলাসকলৰ সৈতে বিশেষণ হৈ যোগ হ’লেও তেওঁলোকৰ শক্তিক লৈ প্রশ্ন থাকি যায়। পুৰুষৰ সমানে কান্ধত কান্ধ মিলাই বৰ্তমান আগুৱাই গৈছে আজিৰ বহু মহিলা। ইতিমধ্যে বহু ভাইৰেল ভিডিঅ’ বা ছবিয়ে বাৰে বাৰে তাৰ প্রমাণ দি গৈছে। সম্প্রতি আন এক ভিডিঅ’ ভাইৰেল হৈছে, য’ত দেখা গৈছে এগৰাকী বৃদ্ধাই চাইকেল চলাই ২২০০ কিঃমিঃ অতিক্রম কৰি বৈষ্ণোদেবী গৈছে।
চাওক সেই ভিডিঅ’-
A 68 year old Marathi lady is going to Vaishnodevi on her own, alone, by geared cycle. 2200 km from Khamgaon. Mother’s power ??? #MatruShakti pic.twitter.com/TcoOnda2Zg
— Ratan Sharda ?? (@RatanSharda55) October 19, 2020
বয়স যে কেৱল এক সংখ্যা, লকডাউনৰ সময়ত তাক বাৰে বাৰে প্ৰমাণ কৰিছে একাধিক বয়স্ক পুৰুষ-মহিলাই। সেইসকল পুৰুষ-মহিলাৰ শাৰীৰিক সক্ষমতা আৰু মানসিক স্বাস্থ্যই যেন পৰাজয় কৰিছে নতুন প্রজন্মক।
সত্তৰ বছৰ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তো চাইকেল লৈ ২২০০ কিলোমিটাৰ যোৱাৰ যি সাহস সেয়া সঁচাকৈ অতুলনীয়।
মহাৰাষ্টৰ বুলধানা জিলাৰ খামগাঁৱৰ পৰা বৈষ্ণোদেৱীলৈ প্রায় ২২০০ কিলোমিটাৰ দূৰত্ব। পাহাৰীয়া ৰাস্তা, সেই যাত্ৰাৰ মাজতে এজন লোকৰ সৈতে হোৱা কথোপকথন ভাইৰেল হৈ পৰিছে এতিয়া ছ’চিয়েল মিডিয়াত।
উল্লেখ্য যে, আগষ্ট মাহতে নিজৰ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এইগৰাকী বৃদ্ধা মহিলাই।